December 8, 2024 6:44 PM

views 16

ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা ভূমিপূজন সম্পন্ন

পলাশবাৰীৰ সৈতে শুৱালকুছিৰ সংযোগ স্থাপনৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া চাৰিলেনযুক্ত দলঙৰ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজন কৰে। বিষ্ণুৰাম মেধিৰ নামেৰে এইখন দলঙৰ নামকৰণ কৰা হৈছে। ৩,১৯৭ কোটি টকা প্ৰকল্প ব্যয়ৰে চাৰিটা লেন থকাকৈ নিৰ্মাণৰ বাবে আৰ্হি প্ৰস্তুত কৰা হৈছে। যান-বাহনে ঘণ্টাত ১০০ কিলোমিটাৰ বেগেৰে গতি কৰিব পৰাকৈ দলঙখনৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। ২০২৮ চনৰ ভিতৰত দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হ'ব। দলংখন সম্পূৰ্ণ হ'লে পলাশবাৰী আৰু শুৱালকুছিৰ ৰাইজৰ বহুদিনীয়া আশা পূৰ...

December 8, 2024 11:23 AM

views 15

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া পলাশবাৰী-শুৱালকুছি চাৰিলেনযুক্ত দলঙৰ আজি ভূমিপূজন

পলাশবাৰীৰ সৈতে শুৱালকুছিৰ সংযোগ স্থাপনৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া চাৰিলেনযুক্ত দলঙৰ আজি ভূমিপূজন কৰা হ'ব। শুৱালকুছিৰ বাথান পামত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকিব। ১২.২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ মুঠ ব্যয় ৩,১৯৭ কোটি ২০ লাখ টকা ধাৰ্য কৰা হৈছে। প্ৰকল্পটোৰ উল্লেখনীয় দিশসমূহ হৈছে- লুইতৰ উত্তৰপাৰৰ শুৱালকুছি আৰু দক্ষিণ পাৰৰ পলাশবাৰীক সংযোগ কৰিবলগীয়া এয়া এটা গ্ৰীণফিল্ড প্রকল্প। উত্তৰ আৰু দক্ষিণপা...

December 7, 2024 12:41 PM

views 14

পলাশবাৰী-শুৱালকুছি সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া চাৰিলেনযুক্ত দলঙৰ কাইলৈ ভূমিপূজন

পলাশবাৰীৰ সৈতে শুৱালকুছিৰ সংযোগ স্থাপনৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া চাৰিলেনযুক্ত দলঙৰ কাইলৈ ভূমিপূজন কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা, বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকিব। ১২.২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ মুঠ ব্যয় ৩ হাজাৰ ১৯৭.২০ কোটি টকা ধাৰ্য কৰা হৈছে।