January 24, 2026 12:18 PM
2
পাকিস্তানত সংঘটিত এটা আত্মঘাতী বোমা বিস্ফোৰণত ৭জনৰ মৃত্যু আৰু আন ২৫ জন আঘাতপ্রাপ্ত
পাকিস্তানত যোৱা নিশা সংঘটিত এটা আত্মঘাতী বোমা বিস্ফোৰণত ৭জনৰ মৃত্যু আৰু আন ২৫ জন আঘাতপ্রাপ্ত হয়। উত্তৰ-পশ্চিম খাইবাৰ পখতুনখোৱা প্ৰদেশৰ শান্তি সমিতিৰ এজন সদস্যৰ বাসগৃহত বিবাহ অনুষ্ঠানৰ সময়তে এই বিস্ফোৰণ সংঘটিত কৰোৱা হয়। স্থানীয় আৰক্ষীয়ে নিশ্চিত কৰিছে যে কুৰেছি ম'ৰৰ সমীপৰ শান্তি সমিতিৰ মুৰব্বী নূৰ আলম মেহছুদৰ বাসগৃহত এই আক্রমণ সংঘটিত হৈছে। নিহতসকলৰ ভিতৰত শান্তি সমিতিৰ নেতা ৱাহিদুল্লাহ মেহছুদ ওৰফে জিগ্রী মেহছুদো থকা বুলি প্ৰকাশ কৰা হৈছে।