January 24, 2026 12:18 PM

views 34

পাকিস্তানত সংঘটিত এটা আত্মঘাতী বোমা বিস্ফোৰণত ৭জনৰ মৃত্যু আৰু আন ২৫ জন আঘাতপ্রাপ্ত

পাকিস্তানত যোৱা নিশা সংঘটিত এটা আত্মঘাতী বোমা বিস্ফোৰণত ৭জনৰ মৃত্যু আৰু আন ২৫ জন আঘাতপ্রাপ্ত হয়। উত্তৰ-পশ্চিম খাইবাৰ পখতুনখোৱা প্ৰদেশৰ শান্তি সমিতিৰ এজন সদস্যৰ বাসগৃহত বিবাহ অনুষ্ঠানৰ সময়তে এই বিস্ফোৰণ সংঘটিত কৰোৱা হয়। স্থানীয় আৰক্ষীয়ে নিশ্চিত কৰিছে যে কুৰেছি ম'ৰৰ সমীপৰ শান্তি সমিতিৰ মুৰব্বী নূৰ আলম মেহছুদৰ বাসগৃহত এই আক্রমণ সংঘটিত হৈছে। নিহতসকলৰ ভিতৰত শান্তি সমিতিৰ নেতা ৱাহিদুল্লাহ মেহছুদ ওৰফে জিগ্রী মেহছুদো থকা বুলি প্ৰকাশ কৰা হৈছে।

December 8, 2025 12:15 PM

views 21

পাকিস্তানী কর্তৃপক্ষৰ কুৱেট্টা আৰু বেলুচিস্তানত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ ফলত জনসাধাৰণ সমস্যাৰ সন্মুখীন

পাকিস্তানী কর্তৃপক্ষই পুনৰ কুৱেট্টা আৰু বেলুচিস্তানত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ ফলত জনসাধাৰণ সমস্যাৰ সন্মুখীন হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি সুৰক্ষাজনিত কাৰণত বেলুচিস্তানত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। ইয়াৰ পূর্বে যোৱা নৱেম্বৰত কৰ্তৃপক্ষই কুৱেটা আৰু চামানৰ কেইবাখনো জিলাত মোবাইল ইণ্টাৰনেট সেবা বন্ধ কৰিছিল। পাকিস্তানী কর্তৃপক্ষৰ এই সিদ্ধান্তক শিক্ষার্থী, ব্যবসায়ী, সাংবাদিক আৰু মানবাধিকাৰ সংস্থাসমূহে সমালোচনা কৰিছে বুলি দেশখনৰ সংবাদ মাধ্যমত প্রকাশ পাইছে।

October 24, 2025 12:55 PM

views 69

তেহৰিক-ঈ-লাবাইক পুনৰ নিষিদ্ধ ঘোষণা পাকিস্তান চৰকাৰৰ

পাকিস্তান চৰকাৰে দেশখনৰ সন্ত্রাসবাদ প্ৰতিৰোধী আইনৰ অধীনত তেহৰিক-ঈ-লাবাইক পাকিস্তান TLP ক পুনৰ নিষিদ্ধ ঘোষণা কৰিছে। শেহতীয়াকৈ দেশখনত হোৱা হিংসাত্মক প্রতিবাদত কেইবাগৰাকীও লোক নিহত আৰু ভালেসংখ্যক লোক আহত হোৱাৰ পিছতে এই সিদ্ধান্ত গ্রহণ কৰা হয়। কালি এখন কেবিনেট বৈঠকৰ পাছত এই বিষয়ে ঘোষণা কৰা হয়।

September 3, 2025 8:31 PM

views 9

পাকিস্তানত যাত্রীবাহী বাহনলৈ অচিনাক্ত দুর্বৃত্তৰ গুলীচালনাত কমেও ছজন লোকৰ মৃত্যু

পাকিস্তানৰ উত্তৰ-পশ্চিমৰ খাইবাৰ পখতুনখোৱা প্রদেশত আজি অচিনাক্ত দুর্বৃত্তই এখন যাত্রীবাহী বাহনলৈ মুকলিকৈ গুলীচালনা কৰাৰ ফলত কমেও ছজন লোকৰ মৃত্যু হয়। স্থানীয় আৰক্ষীয়ে জনোৱা মতে যাত্রীভর্তি বাহনখনে দাৰাদাৰৰ পৰা ছাদ্দা অভিমুখে গৈ থকা অৱস্থাত আফগানিস্তান সীমান্তৰ কুৰাম জিলাৰ মহুৰাৰ সমীপত সন্দেহযুক্ত সন্ত্রাসবাদীয়ে হঠাতে আক্রমণ চলায়। আক্ৰমণৰ পাছতে সন্ত্রাসবাদীকেইজন পলাই যাবলৈ সমর্থ হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইপিনে, খাইবাৰ পখতুনখোৱাৰ এটা অর্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত কালি সুৰক্ষা বাহিনীয়ে সন্ত...

April 30, 2025 12:46 PM

views 27

ইছলামাবাদলৈ সতর্কবাণী জাৰি ছৌদি আৰৱৰ গৃহ মন্ত্ৰ্যালয়ৰ

ছৌদি আৰৱৰ গৃহ মন্ত্ৰ্যালয়ে কোনো পাকিস্তানী নাগৰিকে চলিত বৰ্ষৰ হজ পার্মিটৰ নিয়ম উলংঘা কৰিলে তেওঁৰ বিৰুদ্ধে কঠোৰ জৰিমনা বিহা হ'ব বুলি ইছলামাবাদলৈ সতর্কবাণী জাৰি কৰিছে। ছৌদি মন্ত্ৰ্যালয়ে শেহতীয়াকৈ জাৰি কৰা সতর্কবাণী অনুসৰি অহা ১০ জুনলৈ জৰিমনাৰ শাস্তি বাহাল থাকিব। মন্ত্ৰ্যালয়ে উল্লেখ কৰা মতে কোনো পাকিস্তানী নাগৰিকে বৈধ অনুমতি অবিহনে হজ কৰাৰ চেষ্টা কৰিলে ২০ হাজাৰ ছৌদি ৰিয়াল জৰিমনাৰ সন্মুখীন হ'ব লাগিব। মক্কাত থকা আৰু ইয়াত প্ৰৱেশ কৰা সকলকে ধৰি সকলো প্ৰকাৰৰ ভিছা থকা লোকৰ ক্ষেত্ৰতে এই জৰিমনা প্রযো...

April 28, 2025 12:48 PM

views 74

তেহৰিক-ই-তালিবান পাকিস্তানৰ ৫৪ জন সন্ত্রাসবাদীক গুলীয়াই হত্যা

পাকিস্তানত সুৰক্ষা বাহিনীৰ লোকে নিষিদ্ধ ঘোষিত তেহৰিক-ই-তালিবান পাকিস্তানৰ ৫৪ জন সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে। সেনা বাহিনীৰ তথ্য অনুসৰি এই সন্ত্ৰাসবাদী কেইজন পাকিস্তান- আফগানিস্তান সীমান্তৰে উত্তৰ-পশ্চিম পাকিস্তানৰ খেইবৰ পাখতুনখাৱাত আক্ৰমণ চলোৱাৰ চেষ্টা কৰিছিল। আন্তঃসেৱা জনসংযোগৰ বিবৃতি অনুসৰি যোৱা ২৫ৰ পৰা ২৭ এপ্ৰিলৰ মাজনিশা উত্তৰ ৱাজিৰিস্তান জিলাৰ হাছানখেলত নিৰাপত্তাবাহিনীয়ে এটা বৃহৎ সন্ত্ৰাসবাদী গোটৰ গতিবিধি ধৰা পেলায়। সেনা বাহিনীয়ে নিহত সন্ত্ৰাসবাদী কেইজনৰ পৰা বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ...

March 8, 2025 7:58 PM

views 44

পাকিস্তানে সকলো বৈধ আফগান প্ৰব্ৰজনকাৰীক ৩১ মাৰ্চৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ

পাকিস্তানে সকলো বৈধ আফগান প্ৰব্ৰজনকাৰীক ৩১ মাৰ্চৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। আফগানিস্তানৰ শৰণাৰ্থী আৰু প্ৰত্যর্পন মন্ধ্যালয়ে পাকিস্তান চৰকাৰক আফগান নাগৰিকসকলক বিতাৰণ কৰাৰ প্ৰক্ৰিয়া মন্থৰ কৰিবলৈ আহ্বান জনোৱাৰ এদিন পাছতে পাকিস্তানে এই নির্দেশ জাৰি কৰিছে। নির্দেশ অনুসৰি আফগান নাগৰিক কাৰ্ড থকা লোকসকলক পৰৱৰ্তী তিনি সপ্তাহৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ কোৱা হৈছে। নির্দেশটোত পহিলা এপ্ৰিলৰ পৰা বৈধ প্ৰৱনকাৰীসকলক বিতাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি উল্লেখ কৰা হৈছে। পাকিস্তানৰ সংবাদ মাধ্যমে প্রকাশ কৰা মতে...

November 28, 2024 8:32 PM

views 68

২১১ জন ভাৰতীয় মাছমৰীয়া পাকিস্তানৰ জিম্মাত থকাৰ কথা স্বীকাৰ

পাকিস্তানে যোৱা জুলাইত বিনিময় কৰা তালিকা অনুসৰি ২১১ জন ভাৰতীয় মাছমৰীয়া দেশখনৰ জিম্মাত থকাৰ কথা স্বীকাৰ কৰিছে। ৰাজ্য সভাত আজি এটা লিখিত উত্তৰত বিদেশ ৰাজ্য মন্ত্রী কীৰ্তি বৰ্ধন সিঙে এই কথা সদৰি কৰে। তেওঁ কয়, যে পাকিস্তানৰ জিম্মাত থকা মাছমৰীয়াসকলৰ ভিতৰত ১৩৯ জন গুজৰাটৰ।

November 20, 2024 9:11 PM

views 23

পাকিস্তানত নিৰাপত্তা চকীক লক্ষ্য কৰি আত্মঘাতী আক্ৰমণত পাকিস্তানী সেনাৰ কমেও ১২ জন জোৱান নিহত

পাকিস্তানৰ খাইবাৰ পাখটুনখৱা প্ৰদেশৰ বান্নু জিলাৰ মালিখেলৰ এটা নিৰাপত্তা চকীক লক্ষ্য কৰি যোৱা নিশা চলোৱা এটা আত্মঘাতী আক্ৰমণত পাকিস্তানী সেনাৰ কমেও ১২ জন জোৱান নিহত হয় আৰু অন্য ১০ জন গুৰুতৰভাৱে আহত হয়। পাকিস্তানৰ সামৰিক বাহিনীৰ সংবাদ শাখা আই এছ পি আৰে প্ৰকাশ কৰা মতে, আক্ৰমণকাৰীসকলে বিস্ফোৰক সামগ্ৰীৰে থাহ খাই থকা এখন বাহনে চকীটোৰ দেৱালত খুন্দিয়ায়। ইয়াৰ পাছত সুৰক্ষা বাহিনীৰ সৈতে হোৱা গুলিয়াগুলীত চকীটোৰ পৰা আক্ৰমণ চলোৱা ৬জন আক্ৰমণকাৰী নিহত হয়।

August 27, 2024 5:55 PM

views 52

পাকিস্তানৰ হিংসাত্মক ঘটনাত ৭০ জনৰো অধিক লোকৰ প্ৰাণহানি

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত সংঘটিত হিংসাত্মক ঘটনাত ৭০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। প্রাপ্ত বাতৰি মতে, লাচবেলা জিলাৰ বেলাৰ এটা ঘাইপথত বাহনক লক্ষ্য কৰি চলোৱা এই আক্ৰমণত ১৪ গৰাকী সৈনিক আৰু আৰক্ষী কৰ্মীৰ লগতে ২১ জন সন্ত্রাসবাদী নিহত হৈছে। ইপিনে, অন্য এটা ঘটনাক্ৰমত মুছাখেল জিলাত সশস্ত্র লোকৰ এটা দলে আন্তঃপ্রাদেশিক ঘাইপথ অৱৰোধ কৰি ২৩ জন লোকক হত্যা কৰিছে। আক্ৰমণকাৰীসকলে যাত্ৰীসকলক ট্রাক আৰু বাছৰ পৰা নমাই আনি তেওঁলোকৰ পৰিচয় পৰীক্ষা কৰে আৰু তেওঁলোকক লক্ষ্য কৰি গুলীবর্ষণ কৰে। নিহতসকল পাকিস্তানৰ পাঞ...