May 15, 2025 11:50 AM
10
পাকিস্তানী পতাকা আৰু আনুসংগিক সামগ্ৰী বিক্ৰী নিষিদ্ধ কৰিবলৈ জাননী জাৰি
কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণে পাকিস্তানী পতাকা আৰু আনুসংগিক সামগ্ৰী বিক্ৰী কৰাৰ বাবে এমাজন ইণ্ডিয়া, ফ্লিপকার্ট, ইউবাই ইণ্ডিয়া, ইটিচি, ফ্লেগ কোম্পানী আৰু ফ্লেগ কৰ্প'ৰেচনলৈ জাননী জাৰি কৰিছে। কেন্দ্ৰীয় গ্রাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সামাজিক মাধ্যম যোগে কৈছে, যে এনেধৰণৰ অসংবেদনশীল কাৰ্য সহ্য কৰা নহ'ব। তেওঁ কয়, যে ই বাণিজ্য মঞ্চসমূহক এনে ধৰণৰ সকলো সামগ্ৰী ততালিকে আঁতৰ কৰিবলৈ আৰু ৰাষ্ট্ৰীয় আইন মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে।