January 2, 2025 4:47 PM January 2, 2025 4:47 PM
18
পাকিস্তানত ৩ টা পৃথক সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাত এটি শিশুকে ধৰি তিনিজন লোকৰ মৃত্যু, ১১ জন আহত
পাকিস্তানৰ অশান্তিজৰ্জৰ উত্তৰ-পশ্চিম অঞ্চলত কালি তিনিটা পৃথক সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাত এটি শিশুকে ধৰি তিনিজন লোকৰ মৃত্যু হোৱাৰ উপৰি ১১ জন আহত হয়। দেশখনৰ খাইবাৰ পাখটুনখোৱাৰ ডেৰা ইছমাইলখান জিলাৰ ডাৰাবান এলেকাত অচিনাক্ত দুৰ্বৃত্তই এটা আৰক্ষী চকীত চলোৱা আক্ৰমণত এজন আৰক্ষী কনিষ্টবল আৰু এজন শ্রমিক নিহত হোৱাৰ উপৰি দুজন আহত হয়। দক্ষিণ ৱাজিৰস্তান জিলাৰ আজম ৱাৰ্চাক এলেকাত এখন মটৰ চাইকেলত সংস্থাপিত বোমা বিস্ফোৰণৰ ঘটনাত এটি শিশু নিহত হোৱাৰ লগতে ৪ জন লোক আহত হয়। বান্নু জিলাৰ মামাস্খেল এলেকাৰ পথৰ কাষত সংঘ...