May 25, 2025 8:17 PM

views 14

পাকিস্তানৰ পাঞ্জাব প্ৰদেশৰ বিভিন্ন অঞ্চলত ধুমুহা-বৰষুণত কমেও ১৮ জন লোকৰ মৃত্যু

পাকিস্তানৰ পাঞ্জাব প্ৰদেশৰ পৃথক পৃথক অঞ্চলত অহা ধুমুহা-বৰষুণত কমেও ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হৈছে। প্ৰাদেশিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই জনোৱা মতে ধুমুহা বৰষুণত অঞ্চলটোৰ জৰাজীৰ্ণ অট্টালিকা আৰু দুৰ্বল গাঁঠনিসমূহ ভাঙি যোৱাৰ বাবে অধিকাংশ লোকৰ মৃত্যু হৈছে। ঝিলাম, শিয়ালকোট, মুজাফৰগড় জিলাৰ লগতে লাহোৰত সৰ্বাধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰশাসনে সদৰি কৰা অনুসৰি লাহোৰত কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫১ জন লোক আহত হৈছে।