May 29, 2024 12:09 PM

views 32

ইছলামাবাদে ১৯৯৯ চনত ভাৰতৰ সৈতে এখন চুক্তি উলংঘা কৰা বুলি পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী নৱাজ শ্বৰীফৰ স্বীকাৰ

পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী নৱাজ শ্বৰীফে ইছলামাবাদে ১৯৯৯ চনত ভাৰতৰ সৈতে এখন চুক্তি উলংঘা কৰা বুলি স্বীকাৰ কৰিছে। পাকিস্তান মুছলীম লীগ, পি এম এল-এনৰ সাধাৰণ পৰিষদৰ বৈঠকত কালি তেওঁ এই কথা সদৰী কৰে। বৈঠকত শ্ৰীশ্বৰীফে কয় যে তেওঁ ১৯৯৮ চনৰ ২৮ মে’ত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। ইয়াৰ পাছতে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্রী অটল বিহাৰী বাজপেয়ী লাহোৰ ভ্ৰমণ কৰিছিল আৰু ১৯৯৯ চনৰ ২১ ফেব্ৰুৱাৰীত লাহোৰ ঘোষণাত স্বাক্ষৰ কৰিছিল। ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি আৰু সুস্থিৰতাৰ প্ৰসাৰেই এই চুক্তিৰ মূল উদ্দেশ্য...