November 21, 2024 8:07 PM

views 18

পাকিস্তানত যাত্রীবাহী বাহনক লক্ষ্য কৰি বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীবর্ষণ

পাকিস্তানৰ উত্তৰ-পশ্চিম প্রান্তৰ খাইবাৰ পাখটুনখ্ৰৱা প্ৰদেশৰ এটা জনজাতীয় অধ্যুষিত এলেকাত আজি কেইজনমান বন্দুকধাৰীয়ে যাত্রীবাহী বাহনক লক্ষ্য কৰি চলোৱা নিৰ্বিচাৰ গুলীবর্ষণৰ ঘটনাত কমেও ৩৮ জন লোকে প্ৰাণ হেৰুৱাই আৰু অন্য ২৯ জন আহত হয়। প্ৰদেশখনৰ মুখ্য সচিব নদীম অছলম চৌধুৰীয়ে প্ৰকাশ কৰা মতে জনজাতীয় অধ্যুষিত কুৰ্ম জিলাত এই আক্রমণ সংঘটিত হয়। তেওঁ কয়, যে এই ঘটনাত নিহত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। প্ৰাপ্ত বাতৰি অনুসৰি যাত্রীবাহী বাহনৰ দুটা কনভয় পেছাবৰৰ পৰা পাৰাছিনাৰ আৰু পাৰাছিনাৰ ...