November 22, 2024 11:59 AM

views 21

পাকিস্তানত যাত্রীবাহী বাহনত বন্দুকধাৰীৰ গুলীচালনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৫লৈ বৃদ্ধি

পাকিস্তানৰ খাইবাৰ পাখটুনখৱা প্ৰদেশৰ কুৰ্ৰম জিলাত কালি যাত্রীবাহী বাহনক লক্ষ্য কৰি বন্দুকধাৰীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৫ লৈ বৃদ্ধি পাইছে। এই ঘটনাত অন্য ২০জন লোক আহত হৈছে। পাকিস্তানৰ অভ্যন্তৰীণ মন্ত্ৰী মোহছিন নাকভিয়ে আফগানিস্তান সীমান্তৱৰ্তী জিলাখনত সংঘটিত আক্ৰমণত হতাহতৰ সংখ্যাৰ বিষয়ে নিশ্চিত কৰিছে। জিলা আৰক্ষী আৰু হাস্পতালৰ সূত্ৰৰ পৰা জানিব পৰা মতে হতাহতসকলৰ ভিতৰত সুৰক্ষা কৰ্মী, মহিলা আৰু শিশুও আছে। এই ঘটনাত নিহত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছ...