May 14, 2025 11:21 AM May 14, 2025 11:21 AM
3
পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণত শ্বহীদ মণিপুৰৰ দীপক চিমনগাখামৰ শেষকৃত্য সামৰিক মৰ্যাদাৰে সম্পন্ন
পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণত শ্বহীদ হোৱা মণিপুৰৰ দীপক চিমনগাখাম নামৰ জোৱানজনৰ শেষকৃত্য কালি সামৰিক মৰ্যাদাৰে ইম্ফলত সম্পন্ন কৰা হয়। ইম্ফললৈ জোৱানগৰাকীৰ নশ্বৰদেহ অনাৰ পাছত বীৰ টিকেন্দ্ৰজিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত শ্বহীদৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপন কৰা হয়। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ উপৰি কেইবাগৰাকীও সাংসদ, বিধায়ক আৰু সুৰক্ষা বাহিনীৰ বিষয়াই শ্বহীদ জোৱানগৰাকীক শ্রদ্ধা জ্ঞাপন কৰে। ইয়াৰ পাছতে তেওঁৰ নশ্বৰদেহ থৌবাল জিলাৰ জোৱানগৰাকীৰ গাঁও য়েইৰিপ'ক য়ামবাৰলৈ লৈ গৈ সামৰিক মৰ্যদাৰে শেষকৃত্য...