January 5, 2025 10:51 AM

views 18

পাকিস্তানৰ বেলুচিস্তানত আত্মঘাতী বোমা বিস্ফোৰণত  ৮ জন নিৰাপত্তাৰক্ষীৰ মৃত্যু, ৪০ জন আহত

পাকিস্তানৰ বেলুচিস্তানৰ তুৰবাটৰ ধাং অঞ্চলত যাত্রীবাহী বাহন আৰু আৰক্ষীৰ বাহনক লক্ষ্য কৰি কৰা এটা আত্মঘাতী বোমা বিস্ফোৰণত কমেও ৮ জন নিৰাপত্তাৰক্ষীৰ মৃত্যু হোৱাৰ লগতে ৪০ জনতকৈ অধিক লোক আহত হৈছে। বিচ্ছিন্নতাবাদী সংগঠন বেলুচ লিবাৰেচন আৰ্মীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এখন যাত্রীবাহী বাহন আৰু তাৰ কাষতে থকা আৰক্ষীৰ নিৰাপত্ত বাহনখনৰ ওচৰত বিস্ফোৰণৰ প্ৰবল শব্দ শুনা যায়। যাত্রীবাহী বাহনখনত থকা লোক সকলৰ অধিকাংশই নিৰাপত্তাৰক্ষী বিষয়া আছিল বুলি পাছত জানিব পৰা যায়। আত্মঘাতী বিস্ফোৰণৰ পিছত আৰক্ষী আৰ...

November 20, 2024 9:11 PM

views 20

পাকিস্তানত নিৰাপত্তা চকীক লক্ষ্য কৰি আত্মঘাতী আক্ৰমণত পাকিস্তানী সেনাৰ কমেও ১২ জন জোৱান নিহত

পাকিস্তানৰ খাইবাৰ পাখটুনখৱা প্ৰদেশৰ বান্নু জিলাৰ মালিখেলৰ এটা নিৰাপত্তা চকীক লক্ষ্য কৰি যোৱা নিশা চলোৱা এটা আত্মঘাতী আক্ৰমণত পাকিস্তানী সেনাৰ কমেও ১২ জন জোৱান নিহত হয় আৰু অন্য ১০ জন গুৰুতৰভাৱে আহত হয়। পাকিস্তানৰ সামৰিক বাহিনীৰ সংবাদ শাখা আই এছ পি আৰে প্ৰকাশ কৰা মতে, আক্ৰমণকাৰীসকলে বিস্ফোৰক সামগ্ৰীৰে থাহ খাই থকা এখন বাহনে চকীটোৰ দেৱালত খুন্দিয়ায়। ইয়াৰ পাছত সুৰক্ষা বাহিনীৰ সৈতে হোৱা গুলিয়াগুলীত চকীটোৰ পৰা আক্ৰমণ চলোৱা ৬জন আক্ৰমণকাৰী নিহত হয়।

November 10, 2024 12:05 PM

views 12

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এটা ৰে’ল ষ্টেচনত সংঘটিত বোমা বিস্ফোৰণত ২৫ জন লোকৰ প্ৰাণহানি

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এটা ৰে'ল ষ্টেচনত কালি হোৱা বোমা বিস্ফোৰণত কমেও ২৫ জন লোকে প্ৰাণ হেৰুৱাই আৰু ৫০ জন আহত হয়। বেলুচিস্তান লিবাৰেছন আর্মী নামৰ বিচ্ছিন্নতাবাদী গোটে এখন ৰে'লগাড়ী কৱেটা ষ্টেচনৰ পৰা পেছাৱৰ অভিমুখে ৰাওনা হ'বলৈ ওলোৱাৰ সময়ত সংঘটিত এই আত্মঘাটী বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে। গোটটোৱে কৈছে যে, প্রশিক্ষণ সম্পূৰ্ণ কৰি কৱেটাৰ পৰা উভতি যাবলৈ ওলোৱা পাকিস্তানী সামৰিক বাহিনীৰ এটা দলক লক্ষ্য কৰি তেওঁলোকে এই বিস্ফোৰণ সংঘটিত কৰে। আৰক্ষীয়ে নিহত লোকসকলৰ ভিতৰত ১৪ গৰাকী সৈনিক আছে বুলি ন...