January 5, 2025 10:51 AM January 5, 2025 10:51 AM
7
পাকিস্তানৰ বেলুচিস্তানত আত্মঘাতী বোমা বিস্ফোৰণত ৮ জন নিৰাপত্তাৰক্ষীৰ মৃত্যু, ৪০ জন আহত
পাকিস্তানৰ বেলুচিস্তানৰ তুৰবাটৰ ধাং অঞ্চলত যাত্রীবাহী বাহন আৰু আৰক্ষীৰ বাহনক লক্ষ্য কৰি কৰা এটা আত্মঘাতী বোমা বিস্ফোৰণত কমেও ৮ জন নিৰাপত্তাৰক্ষীৰ মৃত্যু হোৱাৰ লগতে ৪০ জনতকৈ অধিক লোক আহত হৈছে। বিচ্ছিন্নতাবাদী সংগঠন বেলুচ লিবাৰেচন আৰ্মীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এখন যাত্রীবাহী বাহন আৰু তাৰ কাষতে থকা আৰক্ষীৰ নিৰাপত্ত বাহনখনৰ ওচৰত বিস্ফোৰণৰ প্ৰবল শব্দ শুনা যায়। যাত্রীবাহী বাহনখনত থকা লোক সকলৰ অধিকাংশই নিৰাপত্তাৰক্ষী বিষয়া আছিল বুলি পাছত জানিব পৰা যায়। আত্মঘাতী বিস্ফোৰণৰ পিছত আৰক্ষী আৰ...