October 11, 2025 8:31 PM

views 41

পাকিস্তানত সন্ত্ৰাসবাদীৰ আক্ৰমণত সন্ত্ৰাসবাদীসহ ১৩জন আৰক্ষী নিহত

পাকিস্তানৰ খাইবাৰ পাখটুনখোৱাৰ ডেৰা ইছমাইল খানস্থিত ৰত্না কুলাচি আৰক্ষী প্রশিক্ষণ বিদ্যালয়ক লক্ষ্য কৰি সংঘটিত সন্ত্রাসবাদী আক্রমণত ৬ জন সন্ত্রাসবাদী আৰু ৭ জন আৰক্ষী কর্মী নিহত হৈছে। সন্ত্রাসবাদীয়ে যোৱা নিশা বিস্ফোৰক সামগ্ৰীৰে থাহ খাই থকা এখন গাড়ীৰে বিদ্যালয়ৰ চৌহদত খুন্দা মাৰি নির্বিচাৰে গুলীবর্ষণ কৰাৰ পাছত দুয়ো পক্ষৰ মাজত সূত্রপাত হোৱা গুলিয়াগুলীত আন ১৩ জন লোক আহত হয়।