May 13, 2025 9:24 PM
9
পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণত ছহিদ হোৱা মণিপুৰৰ দীপক চিমনগাখামৰ শেষকৃত্য সম্পন্ন
পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণত ছহিদ হোৱা মণিপুৰৰ দীপক চিমনগাখাম নামৰ জোৱানজনৰ নশ্বৰ দেহ আজি ইম্ফললৈ অনা হয়। সীমান্ত সুৰক্ষা বাহিনী তথা সামৰিক বাহিনীয়ে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰে। যোৱা শনিবাৰে পাকিস্তানী সেনাৰ অপ্ৰৰোচিত গুলীবর্ষণত মণিপুৰৰ এই জোৱানজনৰ লগতে সীমান্ত সুৰক্ষা বাহিনীৰ ৮ জন জোৱান গুলীবিদ্ধ হৈছিল। দেওবাৰে চিকিৎসাধীন অৱস্থাত মণিপুৰৰ এই জোৱানজনে শেষ নিশ্বাস ত্যাগ কৰে। মণিপুৰৰ পূব ইম্ফল জিলা নিবাসী দীপক চিমনগাখাম সীমান্ত সুৰক্ষা বাহিনীৰ ৭ নম্বৰ বেটেলিয়নত কনিষ্টব...