October 9, 2024 6:13 PM

views 29

দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগত চলোৱা সন্ত্রাসবিৰোধী অভিযানৰ সময়ত এজন সৈনিক সন্ধানহীন

দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগত চলোৱা সন্ত্রাসবিৰোধী অভিযান এটাৰ সময়ত এজন সৈনিক সন্ধানহীন হোৱাৰ বাতৰি পোৱা গৈছে। সেনা বাহিনীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰকাশ কৰা মতে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কোকেৰনাগৰ কাজৱান বনাঞ্চলত কালি আৰক্ষী আৰু আন নিৰাপত্তা সংস্থাসমূহে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলায়। ওৰে নিশা চলোৱা এই অভিযানৰ সময়তে এজন জোৱান সন্ধানহীন হোৱা বুলি উল্লেখ কৰি বাতৰিটোত লগতে কোৱা হৈছে যে, অঞ্চলটোত ব্যাপক তালাচী অভিযান চলাই থকা হৈছে।

May 16, 2024 8:38 PM

views 26

পাকিস্তানৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জইছ-ঈ-মহম্মদৰ এজন শীর্ষ সন্ত্ৰাসবাদীৰ ৭টা স্থাৱৰ সম্পত্তি জব্দ ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ

ৰাষ্ট্ৰীয় তদন্ত সংস্থাই পাকিস্তানৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জইছ-ঈ-মহম্মদৰ এজন শীর্ষ সন্ত্ৰাসবাদীৰ ৭টা স্থাৱৰ সম্পত্তি জব্দ কৰিছে। আজি কাশ্মীৰৰ পুলৱামা জিলাৰ কিছাৰিগামত সন্ত্ৰাসবাদী সৰ্তাজ আহমেদৰ সম্পত্তি জব্দ কৰা হয়। ২০২০ চনৰ জানুৱাৰী মাহত সৰ্তাজক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা কেইবাটাও অস্ত্ৰ-শস্ত্র, গোলা-বাৰুদ আৰু বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰা হৈছিল।