July 11, 2025 5:37 PM

views 42

বেলুচিস্তানত অজ্ঞাত বন্দুকধাৰীয়ে বাছৰ পৰা কেইবাজনো যাত্ৰীক নমাই ৯ গৰাকী যাত্ৰীক গুলীয়াই নিহত কৰে

পাকিস্তানৰ বেলুচিস্তান প্রদেশত অজ্ঞাত বন্দুকধাৰীয়ে কালি সন্ধিয়া কেইবাখনো যাত্রীবাহী বাছৰ পৰা কেইবাজনো যাত্ৰীক নমাই লৈ তাৰে নগৰাকী যাত্ৰীক গুলীয়াই নিহত কৰে। গুলীৱিদ্ধ মৃতদেহ সমূহ গোটেই নিশা পর্বতত পৰি ৰয়। বৰ্তমানলৈ কোনো সংগঠনে এই নৃশংস ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই। অৱশ্যে পূৰ্বে সংঘটিত এনে ধৰণৰ বহু ঘটনাৰ সৈতে বেলুচ লিবাৰেশ্যন আর্মি জড়িত থকাৰ অভিযোগ আছে। কালি গুলীৱিদ্ধ হৈ নিহত হোৱা যাত্ৰীসকল পূৱ পঞ্জাৱ প্ৰদেশৰ বুলি এটা তথ্যৰ পৰা জানিব পৰা গৈছে। উল্লেখযোগ্য যে আফগানিস্তান আৰু ইৰাণৰ খনিজ সমৃদ...

May 5, 2025 8:20 PM

views 25

পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী পদক্ষেপ গ্ৰহণ

পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতে চেনাব নদীৰ বাগলিহাৰ বান্ধৰ মাজেৰে যোৱা পানীৰ সোঁত বন্ধ কৰি দিছে। আকাশবাণী জন্মুৰ সংবাদদাতাই জনোৱা অনুসৰি ভাৰতে সিন্ধু নদীৰ পৰা পাকিস্তানলৈ এক টোপাল পানীও যাবলৈ নিদিয়া সিদ্ধান্ত গ্ৰহণ কৰি বাগলিহাৰ বান্ধৰ পৰা পানীৰ প্ৰবাহ বন্ধ কৰিছে। ভাৰতে ঝেলাম নদীৰ কিষাণ গংগা বান্ধটো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে। জম্মু সংমণ্ডলৰ ৰামবন জিলাৰ বাগলিহাৰ আৰু উত্তৰ কাশ্মীৰৰ কিষাণ গংগা জলবিদ্যুৎ বান্ধে ভাৰতক পানী এ...

January 2, 2025 4:47 PM

views 28

পাকিস্তানত ৩ টা পৃথক সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাত এটি শিশুকে ধৰি তিনিজন লোকৰ মৃত্যু, ১১ জন আহত

পাকিস্তানৰ অশান্তিজৰ্জৰ উত্তৰ-পশ্চিম অঞ্চলত কালি তিনিটা পৃথক সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাত এটি শিশুকে ধৰি তিনিজন লোকৰ মৃত্যু হোৱাৰ উপৰি ১১ জন আহত হয়। দেশখনৰ খাইবাৰ পাখটুনখোৱাৰ ডেৰা ইছমাইলখান জিলাৰ ডাৰাবান এলেকাত অচিনাক্ত দুৰ্বৃত্তই এটা আৰক্ষী চকীত চলোৱা আক্ৰমণত এজন আৰক্ষী কনিষ্টবল আৰু এজন শ্রমিক নিহত হোৱাৰ উপৰি দুজন আহত হয়। দক্ষিণ ৱাজিৰস্তান জিলাৰ আজম ৱাৰ্চাক এলেকাত এখন মটৰ চাইকেলত সংস্থাপিত বোমা বিস্ফোৰণৰ ঘটনাত এটি শিশু নিহত হোৱাৰ লগতে ৪ জন লোক আহত হয়। বান্নু জিলাৰ মামাস্খেল এলেকাৰ পথৰ কাষত সংঘ...