October 19, 2025 2:33 PM October 19, 2025 2:33 PM
69
পাকিস্তান আৰু আফগানিস্তানৰ ততালিকে সংঘর্ষ বিৰতিৰ বাবে সন্মতি প্ৰকাশ
পাকিস্তান আৰু আফগানিস্তানে দোহাত হোৱা আলোচনাৰ অন্তত ততালিকে সংঘর্ষ বিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। কাটাৰ আৰু তুৰস্কই দুয়ো দেশৰ মাজৰ এই আলোচনাত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰে। কাটাৰৰ বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, দুয়োখন দেশে সংঘর্ষ বিৰতি মানি চলিবলৈ আৰু নিৰ্ভৰযোগ্য তথা স্থায়ীভাবে ইয়াৰ ৰূপায়ণৰ বিষয়টো মূল্যায়নৰ অৰ্থে পৰৱৰ্তী পৰ্যায়ত বৈঠক অনুষ্ঠিত কৰিবলৈ প্রতিশ্রুতিবদ্ধতা প্ৰকাশ কৰিছে। আফগানিস্তানত ২০২১ চনত তালিবান ক্ষমতালৈ অহাৰ পাছত দুয়োখন দেশৰ মাজত হোৱা সংঘৰ্ষত ভালেসংখ্যক লোক নিহত আৰু শশ লোক আহত হো...