April 27, 2025 10:53 AM April 27, 2025 10:53 AM
8
পহলগামৰ সন্ত্রাসবাদী আক্রমণক বিশ্বৰ বিভিন্ন দেশৰ নেতাৰ গৰিহণা
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক বিশ্বৰ বিভিন্ন দেশৰ নেতাই গৰিহণা দিছে। ইৰাণৰ ৰাষ্ট্ৰপতি মচুড পেজেছকিয়ানে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়াৰ লগতে ভুক্তভোগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। সন্ত্ৰাসবাদৰ সৈতে জড়িত কোনো কাৰ্যৰ সপক্ষে কোনো ধৰণৰ যুক্তি থাকিব নোৱাৰে বুলি সহমত প্ৰকাশ কৰি দুয়োগৰাকী নেতাই মানৱতাত বিশ্বাসীসকল সন্ত্ৰাসবাদ বিৰোধী যুঁজখনত দৃঢ়তাৰে থিয় হোৱা উচিত বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে দেশৰ জনসাধাৰণৰ ক্ৰোধ আৰু য...