April 25, 2025 9:17 PM

views 40

দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে পাকিস্তানী নাগৰিকসকলক চিনাক্ত কৰি ততালিকে পাকিস্তানলৈ বিতাড়ন কৰাটো সুনিশ্চিত কৰিবলৈ গৃহমন্ত্রী অমিত শ্বাহৰ নিৰ্দেশ 

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে তেওঁলোকৰ ৰাজ্যত থকা পাকিস্তানী নাগৰিকসকলক চিনাক্ত কৰি সেইসকলক ততালিকে পাকিস্তানলৈ বিতাড়ন কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে পেহলেগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কালি ভাৰতে ছাৰ্ক ভিছাৰ অধীনত সম্প্রতি ইয়াত থকা পাকিস্তানী নাগৰিকসকলৰ ভিছা বাতিল কৰে। ইপিনে, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি তেওঁৰ নতুন দিল্লীৰ বাসগৃহত আমাৰ দেশৰ পাকিস্তানৰ সৈতে থকা ১৯৬০ চনৰ সিন্ধু জল চুক্তিৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ ...

April 24, 2025 8:37 PM

views 39

গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত নাগৰিক সমাজৰ প্রতিবাদী সভা

পহলগামত সন্ত্রাসবাদী আক্ৰমণৰ বিৰুদ্ধে আজি গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত নাগৰিক সমাজে এখন প্রতিবাদী সভা অনুষ্ঠিত কৰে। সভাত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি ধৰ্মান্ধ উগ্রবাদীয়ে নিৰীহ পৰ্যটকক গুলীয়াই হত্যা কৰাৰ ঘটনাক ধিক্কাৰ দিয়ে। সমবেত ৰাইজে ঘটনাত জড়িতসকলক চিনাক্ত কৰি কঠোৰ শাস্তি বিহিবলৈ আহ্বান জনায়। প্রতিবাদী সভাত সাংসদ অজিৎ কুমাৰ ভূঞা উপস্থিত থাকে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি গোলাঘাটত কাশ্মীৰৰ নৰসংহাৰৰ লগত জড়িত লোকসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ'ব বুলি...