April 25, 2025 9:17 PM April 25, 2025 9:17 PM
19
দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে পাকিস্তানী নাগৰিকসকলক চিনাক্ত কৰি ততালিকে পাকিস্তানলৈ বিতাড়ন কৰাটো সুনিশ্চিত কৰিবলৈ গৃহমন্ত্রী অমিত শ্বাহৰ নিৰ্দেশ
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে তেওঁলোকৰ ৰাজ্যত থকা পাকিস্তানী নাগৰিকসকলক চিনাক্ত কৰি সেইসকলক ততালিকে পাকিস্তানলৈ বিতাড়ন কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে পেহলেগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কালি ভাৰতে ছাৰ্ক ভিছাৰ অধীনত সম্প্রতি ইয়াত থকা পাকিস্তানী নাগৰিকসকলৰ ভিছা বাতিল কৰে। ইপিনে, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি তেওঁৰ নতুন দিল্লীৰ বাসগৃহত আমাৰ দেশৰ পাকিস্তানৰ সৈতে থকা ১৯৬০ চনৰ সিন্ধু জল চুক্তিৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ ...