April 25, 2025 11:33 AM

views 18

পহলগামত নিহত অৰুণাচলৰ টাগে হেইলিয়াঙৰ পৰিয়ালৰ এগৰাকীক চৰকাৰী চাকৰি, ৫০ লাখ টকাৰ সাহায্য

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত অৰুণাচল প্ৰদেশৰ জিৰো চহৰৰ ভাৰতীয় বায়ুসেনাৰ বিষয়া টাগে হেইলিয়াঙৰ নশ্বৰদেহ কালি তেওঁৰ গৃহ চহৰলৈ অনা হয়। শ্বহীদগৰাকীৰ নশ্বৰদেহ প্রথমে বায়ুসেনা বাহিনীৰ বিমানযোগে গুৱাহাটীলৈ অনা হয় আৰু তাৰ পৰা এম্বুলেঞ্চযোগে জিৰোৰ টাজাং জিলালৈ নিয়া হয়। প্রয়াত টাগেৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁৰ বাসগৃহত সহস্ৰাধিক লোক উপস্থিত হয়। মুখ্যমন্ত্রী শ্রীখান্দুৱে মৃত টাগে হেইলিয়াঙৰ পৰিয়ালৰ এগৰাকী লোকক চৰকাৰী চাকৰি দিয়াৰ লগতে ৫০ লাখ টকাৰ সাহায্য প্ৰদানৰ কথা ঘোষণা ...