April 23, 2025 8:50 PM

views 12

পেহেলগাম আক্ৰমণৰ সৈতে প্ৰত্যক্ষভাৱে জগৰীয়াসকলৰ বিৰুদ্ধেই নহয়, ইয়াৰ আঁৰত থাকি কাম কৰাসকলৰ বিৰুদ্ধেও ভাৰতে শীঘ্ৰেই নির্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবঃ ৰাজনাথ সিঙ

জম্মু-কাশ্মীৰৰ পেহেলগামৰ পৰ্যটকৰ ৰম্যভূমি বেইচ্‌ণত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬গৰাকী পৰ্যটক নিহত হোৱা ঘটনা সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ প্ৰধানমন্ত্রী বাসভৱনত বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। এই ঘটনাৰ তদন্ত কৰা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা - এন আই এয়ে ইতিমধ্যে পেহেলগাম আক্ৰমণৰ সৈতে জড়িত তিনিজন পাকিস্তানী সন্ত্রাসবাদী - আছিফ ফৌজী ওৰফে মুছা, চুলেমান শ্বাহ ওৰফে ইউনুছ আৰু আবু তালহা ওৰফে আছিফৰ ৰেখাচিত্ৰ প্ৰকাশ কৰিছে। ইপিনে, এই সন্ত্...