July 28, 2025 8:06 PM

views 58

লোকসভাত আজি অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা

লোকসভাত আজি পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতৰ শক্তিশালী, সফল আৰু নির্ণায়ক অভিযান - অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। এই আলোচনাৰ পাতনি মেলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে অপাৰেচন সিন্দূৰ কেৱল এটা সামৰিক অভিযানেই নাছিল, বৰং ই হৈছে ভাৰতৰ সাৰ্বভৌমত্ব, পৰিচয় তথা জনসাধাৰণৰ প্ৰতি চৰকাৰৰ দায়িত্ব আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নীতিৰ ফলপ্ৰসূ আৰু নিৰ্ণায়ক প্ৰদর্শন। শ্রীসিঙে কয়, যে জম্মু-কাশ্মীৰৰ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই আৰম্ভ কৰা অপাৰেচন সিন্...

July 2, 2025 4:58 PM

views 42

কোৱাড বিদেশ মন্ত্ৰীসকলৰ যুটীয়া বিবৃতিত পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক কঠোৰভাৱে গৰিহণা

পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ দোষী, সংগঠক আৰু বিত্তীয় সাহায্য দিয়া লোকসকলক অনতিপলমে ন্যায় ব্যৱস্থাৰ অধীনলৈ আনিবলৈ কোৱাড গোষ্ঠীৰ সদস্যসকলে আহ্বান জনাইছে আৰু ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহক ইয়াৰ বাবে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। ৱাশ্বিংটন ডিচিত অনুষ্ঠিত কোৱাড বিদেশ মন্ত্ৰীসকলৰ যুটীয়া বিবৃতিত জম্মু কাশ্মীৰৰ পেহেলগামত যোৱা ২২ এপ্ৰিলত সংঘটিত সন্ত্রাসবাদী আক্রমণক কঠোৰভাৱে গৰিহণা দিয়া হৈছে। তেওঁলোকে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি সকলোধৰণৰ আৰু ৰূপৰ সন্ত্রাসবাদক সৰ্বসন্মতভাৱে গৰিহণা দিয়ে। ই...

June 3, 2025 9:18 PM

views 41

সন্ত্রাসবাদ বিৰোধী কামকাজ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সৰ্বদলীয় প্রতিনিধি দলৰ বিশ্ব ভ্রমণ অব্যাহত

অপাৰেচন সিন্দূৰৰ অধীনত অব্যাহত থকা সন্ত্রাসবাদ বিৰোধী কামকাজ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি বিশ্বজুৰি প্ৰচাৰৰ বাবে সম্প্ৰতি ভাৰতৰ সৰ্বদলীয় প্রতিনিধি দলৰ বিশ্ব ভ্রমণ অব্যাহত আছে। বিশ্বৰ বিভিন্ন দেশলৈ যোৱা সাতটা প্ৰতিনিধি দলে সংশ্লিষ্ট ৰাষ্ট্ৰসমূহৰ নেতৃবৰ্গ, জ্যেষ্ঠ বিষয়া, প্ৰভাৱশালী চিন্তাবিদ, সংবাদমাধ্যম আৰু প্ৰবাসী ভাৰতীয়সকলক সাক্ষাৎ কৰিছে। আলজেৰিয়া, চৌডি আৰব, কুৱেইট আৰু বাহৰেইন সফল ভ্রমণ সামৰি স্বদেশলৈ ঘুৰি অহা বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বৰ দলটোৱে আজি নতুন দিল্লীত বৈদেশিক ...

June 3, 2025 9:30 PM

views 53

ভাৰতে সন্ত্রাস আৰু পাৰমানৱিক যুদ্ধৰ ভীতি প্ৰদৰ্শনৰ ছাঁয়াত জীয়াই নাথাকেঃ ছীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান

ভাৰতে সন্ত্রাস আৰু পাৰমানৱিক যুদ্ধৰ ভীতি প্ৰদৰ্শনৰ ছাঁয়াত জীয়াই নাথাকে বুলি ছীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে স্পষ্ট কৰি দিছে। তেওঁ কয়, যে পাকিস্তানৰ ছায়া যুদ্ধক কোনো কাৰণতে সহ্য কৰা নহব । সাবিত্রী বাই ফুলে পুণে বিশ্ববিদ্যালয়ত ভৱিষ্যতৰ যুদ্ধ আৰু যুদ্ধ কৌশল সন্দৰ্ভত বক্তৃতা দি শ্রীচৌহানে আজি এইদৰে প্ৰকাশ কৰে। সেনা বাহিনীৰ নতুন নীতিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, যে তেওঁলোকে সামৰিক অভিযানৰ সন্ত্ৰাসবাদক পানীৰ দৰে গুৰুত্বপূৰ্ণ সম্পদৰ সৈতে সংযুক্ত কৰিছে। তেওঁ কয় যে পেহেলগাম সন্ত্রাসবাদী আক...

June 1, 2025 3:16 PM

views 53

ব্রাজিলৰ ৰাজধানী ব্ৰাচিলিয়াত উপস্থিত কংগ্ৰেছ সাংসদ শশী ঠাৰুৰ নেতৃত্বৰ প্রতিনিধি দল

● অপাৰেশ্বন সিন্দূৰ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে থকা ভাৰতৰ নীতিৰ প্ৰচাৰৰ বাবে ৭ টা সৰ্বদলীয় প্রতিনিধি দলৰ বিদেশ ভ্রমণ অব্যাহত আছে। প্রতিনিধি দলসমূহে বিভিন্ন দেশৰ নেতাক সাক্ষাৎ‍ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ বিষয়ে অৱগত কৰে। কংগ্ৰেছ সাংসদ শশী ঠাৰুৰে নেতৃত্ব দিয়া প্রতিনিধি দলটো আজি ব্রাজিলৰ ৰাজধানী ব্ৰাচিলিয়াত উপস্থিত হয়। দলটোক বিমান বন্দৰত ভাৰতীয় কূটনীতিক সন্দিপ কুমাৰ কুজুৰে আদৰণি জনায়। শ্ৰীঠাৰুৰে কয়, যে তেওঁলোকে ব্রাজিলৰ সৈতে গঠনমূলক আলোচনাৰ বাবে আগ্রহী। এই ভ্ৰমণকালত প...

May 4, 2025 11:25 AM

views 47

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ নতুন দিল্লীত প্রধানমন্ত্ৰীক সাক্ষাৎ

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কালি নতুন দিল্লীত প্রধানমন্ত্ৰীক সাক্ষাৎ কৰে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এয়া প্ৰধানমন্ত্ৰীৰ সৈতে শ্ৰী আব্দুল্লাৰ প্ৰথমখন বৈঠক। জম্মু-কাশ্মীৰ নেচনেল কনফাৰেন্স দলে সামাজিক মাধ্যমযোগে নেতা দুগৰাকীৰ মাজৰ এই বৈঠকৰ পেহেলগাম সন্ত্রাসবাদী আক্রমণকে ধৰি বিভিন্ন বিষয়লৈ আলোচনা হোৱা বুলি প্ৰকাশ কৰিছে।