April 28, 2025 8:31 PM April 28, 2025 8:31 PM
3
কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সমৰ্থনত মন্তব্য দিয়া ২২জন লোকক আটক
কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সমৰ্থনত মন্তব্য দিয়া লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই এই পর্যন্ত ২২ জন লোকক আটক কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই ইতিপূর্বে অসম আৰক্ষীক দিয়া নিৰ্দেশ অনুসৰি দেশ বিৰোধী মন্তব্য কৰা লোকসকলক ততালিকে আটক কৰা হৈছে। আজি গোৱালপাৰা আৰক্ষীয়ে নজমুল হক আৰু হানিফ আলী ওৰফে ইমৰাণ হাছিমি নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে। দুয়োজন লোকে পাকিস্তান আৰু পহলগামত সংঘটিত আক্রমণক সমৰ্থন কৰি সামাজিক মাধ্যমত বাৰ্তা দিছিল। যুৱক দুজনৰ বিৰুদ্ধে মৰনৈ আৰু মাটিয়া থানাত...