December 16, 2024 12:45 PM

views 19

অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ ১৫৩ বছৰীয়া জয়ন্তীত তেজপুৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ ১৫৩ বছৰীয়া জয়ন্তী উপলক্ষে কালি তেজপুৰৰ কেইবাটাও অনুষ্ঠানে সাহিত্যিকগৰাকীক বিশেষভাৱে স্মৰণ কৰে। তেজপুৰৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰ, তেজপুৰ সাহিত্য সভা, অসমীয়া ভাষা উন্নতি সাধিনী সভা, লেখিকা সমাৰোহ সমিতি আৰু পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ উদ্যোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে সাহিত্যিকগৰাকীৰ নাতি সঞ্জয় কৃষ্ণ গোহাঞিবৰুৱা আৰু উদয় কৃষ্ণ গোহাঞিবৰুৱাও উপস্থিত থাকে।