January 4, 2026 8:44 AM January 4, 2026 8:44 AM

views 6

ন্যূনতম সমর্থন মূল্যত শালিধান ক্ৰয়ৰ বাবে যোৰহাটত ধান ক্রয় কেন্দ্ৰ মুকলি

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে ন্যূনতম সমর্থন মূল্যত শালিধান ক্ৰয়ৰ বাবে গ্রহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে যোৰহাটত কালি ধান ক্রয় কেন্দ্ৰ মুকলি কৰা হৈছে। জিলাখনৰ ন-কচাৰী, ঢেকৰগঢ়া আৰু মাধপুৰ হাঁহচৰাত অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধীনত এই কেন্দ্ৰ মুকলি কৰা হৈছে। জিলাখনৰ কৃষকসকলক এই কেন্দ্ৰত ধান বিক্ৰীৰ বাবে প্ৰয়োজনীয় নথি লৈ কৃষি উন্নয়ন বিষয়াৰ সৈতে যোগাযোগ কৰি প্ৰমাণপত্ৰ সংগ্ৰহ কৰিবলৈ আহ্বান জনোৱা হৈছে। তদুপৰি ধান বিক্ৰীৰ বাবে কৃষকসকলক ধানৰ আর্দ্রতা ১৭ শতাংশৰ...

November 12, 2024 1:25 PM November 12, 2024 1:25 PM

views 13

গোৱালাপাৰা জিলাত ভাৰত চৰকাৰে ধাৰ্য কৰি দিয়া ন্যূনতম সমর্থন মূল্যত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ

গোৱালাপাৰা জিলাত বিগত বৰ্ষৰ দৰে এইবাৰো ভাৰত চৰকাৰে ধাৰ্য কৰি দিয়া ন্যূনতম সমর্থন মূল্যত ধান ক্ৰয় কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসম চৰকাৰৰ কৃষি বিভাগৰ তত্বাৱধানত যোৱা ১ নৱেম্বৰৰ পৰা কৃষি বিভাগৰ তৰফৰ পৰা কৃষকসকলৰ মাজত ধান বিক্ৰীৰ বাবে প্ৰমাণপত্ৰ বিতৰণ কৰি থকা হৈছে। কৃষকসকলৰ পৰা ধান ক্ৰয় কৰা প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰাৰ বাবে কালি জিলা আয়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত ধান ক্ৰয় কৰা প্ৰতিনিধি আৰু ধান কলৰ স্বত্বাধিকাৰীসকল উপস্থিত থাকে। এইবাৰ ৰাজ্য চৰকাৰে ন্যূনতম সমর্থন মূল্যৰে ধান ক্রয়ৰ...