October 24, 2024 1:08 PM

views 8

যোৰহাটত কেন্দ্ৰীয় মুগা, এড়ী, গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচীত পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বস্ত্ৰ শিল্প আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটৰ লাহদৈগড়ত কেন্দ্ৰীয় মুগা, এড়ী, গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই প্রতিষ্ঠানটোৱে ৰেচম উদ্যোগ বিশেষকৈ মুগা আৰু এড়ী, ৰেচম সূতা উৎপাদনৰ ক্ষেত্ৰত বিগত ২৫ বছৰে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই আহিছে। আজিৰ উদ্বোধনী অধিবেশনৰ পাছতেই প্রদর্শনী মুকলি, কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ ইতিহাস দেৱাল আদি উন্মোচন, তথ্যচিত্ৰ আৰু স্মাৰক উন্মোচন, গ্ৰন্থ উন্মোচন কাৰ্যসূচী আদি লোৱা হব।...