October 21, 2025 7:35 PM

views 26

কেন্দ্রীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰখেলীয়া ৰংগমঞ্চৰ আধাৰশিলা স্থাপন কৰে

টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত মধ্য ছাওখাট গাঁও পঞ্চায়ত আজি কেন্দ্রীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই বৰখেলীয়া ৰংগমঞ্চৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত মধ্য ছাওখাট গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল বৰঠাকুৰ, টীয়ক মণ্ডল বিজেপিৰ সভানেত্রী মনমী তামুলীকে ধৰি ভালেসংখ্যক লোকে অংশগ্রহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি জিলাখনৰ ২৮ নম্বৰ বালিচাপৰি গাঁও পঞ্চায়তৰ শিল্পী বগাই ওজা আৰু দত্ত ওজাক সাক্ষাৎ কৰে। তেওঁ মেলেঙৰ বাসগৃহত দৌৰবিদ অম্লাল বৰগোঁহাইৰ পিতৃ বদন বৰগোঁহাইক সাক্ষাৎ কৰে।