July 8, 2026 8:38 PM

views 21

আফগানিস্তাৰ কৃষি মন্ত্রী মৌলবী আতাউল্লাহ ওমাৰিক ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি নতুন দিল্লীত আফগানিস্তাৰ কৃষি, জলসিঞ্চন আৰু পশুধন মন্ত্রী মৌলবী আতাউল্লাহ ওমাৰিক সাক্ষাৎ কৰে। বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম যোগে কয়, যে আলোচনাত আফগান জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ বৰ্তমানৰ সহযোগিতাকে ধৰি ভাৰত-আফগানিস্তান দ্বিপাক্ষিক সম্পর্কক বিশেষ অগ্রাধিকাৰ প্ৰদান কৰা হয়।

June 18, 2026 7:47 PM

views 12

প্রয়াত কবি জোনমণি দাসৰ পৰিয়ালক সাক্ষাৎ ৰাজ্য মন্ত্রী পৱিত্র মাৰ্ঘেৰিটাৰ

বৈদেশিক পৰিক্ৰমা আৰু বস্ত্র মন্ত্রালয়ৰ ৰাজ্য মন্ত্রী পবিত্র মাৰ্ঘেৰিটাই আজি প্রয়াত কবি জোনমণি দাসৰ পৰিয়ালক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসংযোগ অভিযানৰ অংশ হিচাপে শিৱসাগৰৰ থানামুখত থকা প্রয়াত দাসৰ বাসগৃহত গৈ তেওঁৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে মাৰ্ঘেৰিটা পৰিয়ালৰ উদ্যোগত চলি অহা সাহিত্যিক দেওৰাম তাছা সোঁৱৰণী স্কলাৰশ্বিপৰ অধীনত জোনমণি দাসৰ জ্যেষ্ঠ সন্তানৰ শিক্ষাৰ ব্যয় বহন কৰাৰ কথা ঘোষণা কৰে। তেওঁ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অনুমোদিত ১ লাখ টকাৰ আৰ্থিক সাহায্যও অচিৰেই...

October 11, 2025 6:52 PM

views 56

যোৰহাটৰ তিতাবৰত শুশ্রূষা সেতু শীৰ্ষক স্বাস্থ্য মেলা উদ্বোধন

ৰাজ্যৰ নৱপ্ৰজন্মক উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে প্ৰতিটো বিধানসভা সমষ্টিত শুশ্রূষা সেতু শীৰ্ষক স্বাস্থ্য মেলা অনুষ্ঠিত কৰিছে। যোৰহাট জিলাৰ তিতাবৰ বিধানসভা সমষ্টিত আজি কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই এই মেলা উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে বৰহোলাৰ খেৰেমা বনুৱা আদৰ্শ অংগনবাড়ী কেন্দ্ৰটোও আনুষ্ঠানিকভাৱে উদ্বোন কৰে। মন্ত্ৰীগৰাকীয়ে আজি তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলত ৰাজ্যৰ সমাজ কল্যাণ বিভাগে নিৰ্মাণ কৰা এনে চাৰিটা অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰে।

October 3, 2025 12:46 PM

views 58

মস্কোত ৱেষ্ট অব্ ইণ্ডিয়া- ভাৰতীয় বস্ত্ৰ আৰু সাজ পোছাক মেলা উদ্বোধন পৱিত্ৰ মাৰ্ঘেৰিটাৰ

ৰাছিয়া ভ্ৰমণৰত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কালি মস্কোত ৱেষ্ট অব্ ইণ্ডিয়া- ভাৰতীয় বস্ত্ৰ আৰু সাজ পোছাক মেলা উদ্বোধন কৰে। এই মেলাত ভাৰতৰ শতাধিক বস্ত্ৰ উদ্যোগীয়ে উৎপাদন কৰা বস্ত্ৰ ৰাছিয়াৰ ১০ সহস্ৰাধিক বস্ত্ৰ ব্যৱসায়ীয়ে প্ৰত্যক্ষ কৰে। এই মেলাত কেইবাখনো বাণিজ্যিক চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ মস্কোত ভাৰতীয় দূতাৱাসত প্ৰৱাসী ভাৰতীয়ৰ সৈতে অনুষ্ঠানতো অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত প্ৰৱাসী অসমীয়া আৰু মস্কোৰ স্থায়ী বাসিন্দাই জু...

August 16, 2025 7:22 PM

views 94

যোৰহাট কৃষি মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাট জিলাৰ কৃষি মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেঁও কৃষি ক্ষেত্ৰৰ বিকাশত মহাবিদ্যালয়খনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সমস্যা সম্পৰ্কেও বুজ লয়। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাতো মুখ্য অতিথি হিচাপে অংশ লৈ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণ...

August 7, 2025 7:27 PM

views 76

দেশৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন

দেশৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই খণ্ডৰ সৈতে জড়িত লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে। হস্ততাঁত খণ্ডৰ জৰিয়তে নাগৰিকৰ সৃষ্টিশীলতা প্রকাশ পাই বুলি তেওঁ কয়। নতুন দিল্লীত আয়োজিত কাৰ্যসূচীত কেন্দ্রীয় বস্ত্র মন্ত্রী গিৰিৰাজ সিঙে হস্ততাঁত খণ্ডত উল্লেখযোগ্য অৱদান আগবঢ়োৱা শিপিনীসকলক সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰে। দেশৰ প্ৰায় ৬৫০গৰাকী শিপিনী, বিদেশী ক্রেতা, বিশিষ্ট ব্যক্তি আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে এই সমাৰ...

July 26, 2025 10:30 AM

views 79

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত জি টুৱেণ্টি উন্নয়ন মন্ত্ৰীসকলৰ প্ৰথমখন অধিৱেশনত অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অবৈধ বিত্তীয় সৰবৰাহ আৰু সামাজিক সুৰক্ষাৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ আম্পু মালাংগাত অনুষ্ঠিত জি টুৱেণ্টি উন্নয়ন মন্ত্ৰীসকলৰ প্ৰথমখন অধিৱেশনত কালি অংশগ্ৰহণ কৰে। সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা সৰ্বাত্মক সফলতাত আলোকপাত কৰি শ্রীমাৰ্ঘেৰিটাই বহনক্ষম অর্থনৈতিক ব্যৱধান দূৰ কৰাৰ প্ৰয়োজনীয়তাতো গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে দক্ষিণ ভাৰতৰ পৰিকল্পনা, নিৰীক্ষণ আৰু পৰ্য্যালোচনা দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ কৰি দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ অগ্ৰাধিকাৰৰ প্ৰতি ভাৰ...

July 25, 2025 8:52 PM

views 72

জি-২০ উন্নয়ন মন্ত্ৰীৰ প্ৰথমখন অধিৱেশনত বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অবৈধ বিত্তীয় প্ৰৱাহ আৰু সামাজিক সুৰক্ষাৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ আম্পু মালাংগাত অনুষ্ঠিত জি টুৱেণ্টি উন্নয়ন মন্ত্ৰীসকলৰ প্ৰথমখন অধিৱেশনত আজি অংশগ্ৰহণ কৰে। সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা সৰ্বাত্মক সফলতাত আলোকপাত কৰি শ্রীমাৰ্ঘেৰিটাই বহনক্ষম অর্থনৈতিক ব্যৱধান দূৰ কৰাৰ প্ৰয়োজনীয়তাতো গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে দক্ষিণ ভাৰতৰ পৰিকল্পনা, নিৰীক্ষণ আৰু পৰ্য্যালোচনা দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ কৰি দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ অগ্ৰাধিকাৰৰ প্ৰতি ভাৰত...

May 25, 2025 10:10 AM

views 72

উত্তৰ-পূব উন্নয়ন আৰু বস্ত্ৰ মন্ত্ৰালয়ে সহযোগিতাৰে উত্তৰ-পূৰ্বাঞ্চলৰ হস্ত-তাঁত খণ্ডৰ উন্নয়নৰ বাবে কাম কৰিব বুলি ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ

নতুন দিল্লীত আয়োজিত ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী শীৰ্ষ সন্মিলন ২০২৫ৰ কালি সামৰণি পৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয় আৰু বস্ত্ৰ মন্ত্ৰালয়ে সহযোগিতাৰে উত্তৰ-পূৰ্বাঞ্চলৰ হস্ত-তাঁত খণ্ডৰ উন্নয়নৰ বাবে কাম কৰিব বুলি প্ৰকাশ কৰে। উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰ অধ্যয়ন কৰি তিনি মাহৰ ভিতৰত হস্ত-তাঁত খণ্ডৰ বিষয়ে প্রতিবেদন দাখিলৰ নিৰ্দেশ দিছে বুলি উল্লেখ কৰি...

April 18, 2025 10:19 AM

views 49

মালয়েছিয়ান টুৰ এণ্ড ট্ৰেভেল এজেণ্ট সংস্থাৰ মেলাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

মালয়েছিয়াৰ কুৱালালামপুৰত আজিৰেপৰা হ'বলগীয়া মালয়েছিয়ান টুৰ এণ্ড ট্ৰেভেল এজেণ্ট সংস্থাৰ মেলাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত দেশৰ উত্তৰ-পূৰ্বাঞ্চলত বিশেষ গুৰুত্ব সহকাৰে লৈ ভাৰতে নিজৰ পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনাক তুলি ধৰাৰ প্ৰয়াস কৰিব। ভাৰত আছিয়ান পর্যটন পেছাদাৰী বিনিময় কাৰ্যসূচী ২০২৫ৰ অংশ হিচাপে শ্ৰীমাৰ্ঘেৰিটাই এই কাৰ্যসূচীত অংশ ল'ব। দুদিনীয়া এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও আগশাৰীৰ ব্যৱসায়িক নেতা ...