November 6, 2025 2:57 PM

views 38

লেটিন আমেৰিকাৰ দেশ ইকুৱেডৰৰ বিদেশ মন্ত্রী গেব্রিয়েলা ছ’মৰফেল্ডক সাক্ষাৎ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ

■ বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি লেটিন আমেৰিকাৰ দেশ ইকুৱেডৰৰ বিদেশ মন্ত্রী গেব্রিয়েলা ছ’মৰফেল্ডক সাক্ষাৎ কৰে। বৈঠকত দুয়ো পক্ষই ৰাজনৈতিক, বাণিজ্যিক, ভেষজ প্রশিক্ষণ আৰু সামৰ্থ্য বৃদ্ধিৰ লগতে পাৰস্পৰিক স্বার্থজড়িত আন ক্ষেত্ৰসমূহৰ সহযোগিতা সুদৃঢ় কৰাৰ সুযোগত অন্বেষণ কৰে। বৈঠকত দুয়োগৰাকী নেতাই উভয় দেশৰ কূটনৈতিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতাৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু শ্ৰীমতী ছ’মাৰফেল্ডে কাল...

August 16, 2025 7:22 PM

views 57

যোৰহাট কৃষি মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাট জিলাৰ কৃষি মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেঁও কৃষি ক্ষেত্ৰৰ বিকাশত মহাবিদ্যালয়খনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সমস্যা সম্পৰ্কেও বুজ লয়। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাতো মুখ্য অতিথি হিচাপে অংশ লৈ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণ...

July 14, 2025 10:46 AM

views 25

যোৰহাটৰ তিতাবৰত ৪টা পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

■ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি যোৰহাট জিলাৰ তিতাবৰত ৪টা পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে। অঞ্চলটোৰ চাহ বাগিচাসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে পৰিবহণ ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ বাবে নাবাৰ্ডৰ পুঁজিৰ অধীনত তিতাবৰ বিধানসভা সমষ্টিৰ ৩৪ খন চাহ বাগিচাৰ বাবে মুঠ ২৩টা পেকেজ সামৰি ৩ হাজাৰ ৪৩ লাখতকৈ অধিক টকাৰ ব্যয় সাপেক্ষে ৪২ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ৬৩টা পথ নিৰ্মাণ কৰা হ'ব। ৰাজ্যিক মন্ত্ৰীগৰাকীৰ লগত অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয...

June 8, 2025 7:24 PM

views 42

কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই  ১১ জুনত টীয়ক এফ আৰ ইউত এটা ডায়েলাইছিছ ইউনিটৰ উদ্বোধন কৰিব

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ১১ জুনত টীয়ক এফ আৰ ইউত এটা ডায়েলাইছিছ ইউনিটৰ উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে আজি টীয়ক এফ আৰ ইউত উপস্থিত হৈ উদ্বোধনী কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়। জিলা আয়ুক্তগৰাকীয়ে লগতে টীয়ক এফ আৰ ইউৰ, নিৰ্মাণৰত আই চি ইউ ইউনিটৰ কাম-কাজ পৰিদৰ্শন কৰি শীঘ্ৰেই কাম সম্পূৰ্ণ কৰা সন্দৰ্ভত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু কাকজান খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়ববীয়াৰ সৈত...

March 21, 2025 8:40 PM

views 25

চৰকাৰে গোলকীয় দক্ষিণ আৰু উত্তৰৰ ৩০খনতকৈও অধিক দেশৰ সৈতে কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰিছে – পৱিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰে গোলকীয় দক্ষিণ আৰু উত্তৰৰ ৩০খনতকৈও অধিক দেশৰ সৈতে কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰিছে। ৰাজ্যসভাত লিখিত উত্তৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্বৰ উপৰিও চৰকাৰে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰিবলৈ বিভিন্ন বৈদেশিক নীতি গ্রহণ কৰিছে। ইয়াৰ ভিতৰত প্ৰতিবেশী প্রথম নীতি, এক্ট ইষ্ট পলিচী অন্যতম। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বজাৰ প্ৰবেশৰ পৰিসৰ বৃদ্ধিৰ জৰিয়তে দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰাৰ লক্ষ্যৰে মূলতঃ মুক্ত বাণিজ্য চুক্তিত স্...