December 2, 2025 10:07 PM

views 80

পবিতৰা বন্যপ্ৰাণী উদ্যানত ৰঙাপাখিৰ হাঁহ প্ৰজাতিৰ বিৰল কাকলি হাঁহৰ আগমন

পবিতৰা বন্যপ্ৰাণী উদ্যানত ৰঙাপাখিৰ হাঁহ প্ৰজাতিৰ বিৰল কাকলি হাঁহৰ আগমন ঘটিছে। উদ্যানখনত ভ্ৰমণৰত আৰণ্যক নামৰ বন্যপ্ৰাণী সংগঠনৰ গৱেষক তথা আলোকচিত্ৰকৰ উজ্বল ভূঞাই আজি এই বিৰল চৰাইবিধৰ তিনিটা চৰাইক প্ৰত্যক্ষ কৰে। ইয়াৰে এজনী মাইকী চৰাই আৰু আন দুটা মতা চৰাই বুলি ভূঞাই জানিবলৈ দিছে। উল্লেখযোগ্য যে বছৰৰ এই সময়ছোৱাত উদ্যানখনৰ তামুলীডুবা, হাঁহচৰা আৰু পাগলাডুবা বিলকেইখন শুকাই যায় যদিও উদ্যান কর্তৃপক্ষই যোৱা কেইবছৰমান ধৰি চলাই অহা নিৰলস প্ৰচেষ্টাৰ বাবে এইবাৰ এই বিলকেইখনত পানী আছে আৰু সেয়েহে এই বিৰল প্ৰজ...

November 12, 2025 12:39 PM

views 16

আজিৰে পৰা ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্যত হাতী ছাফাৰী আৰম্ভ

আজিৰে পৰা ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্যত হাতী ছাফাৰী আৰম্ভ হৈছে। যোৱা ২৩ অক্টোবৰত কৰ্তৃপক্ষই পবিতৰা অভয়াৰণ্যত পৰ্যটকৰ বাবে জীপ ছাফাৰী মুকলি কৰিছিল। এটা খৰ্গ গঁড়ৰ বিচৰণভূমি পবিতৰা ২০২৫-২৬ পর্যটন বর্ষ কিছু পলমকৈ আৰম্ভ কৰা হৈছে। অভয়াৰণ্যখনৰ বিধস্ত বাট-পথ মেৰামতিৰ পাছতহে পৰ্যটকৰ বাবে কর্তৃপক্ষই জীপ ছাফাৰী মুকলি কৰি দিছে। উল্লেখযোগ্য যে অভয়াৰণ্য কৰ্তৃপক্ষৰ পৰা পোৱা তথ্য অনুসৰি বিগত ২০২৪-২৫ পর্যটন বর্ষত ৩৪ হাজাৰ ৩৯০ গৰাকী দেশী-বিদেশী পর্যটকৰ পবিতৰালৈ আগমন ঘটিছিল। এই বর্ষত পৰ্যটকৰ পৰা ৬১ লা...

October 24, 2025 12:36 PM

views 28

২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্য মুকলি

 পবিতৰা অভয়াৰণ্য কালি ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে মুকলি কৰা হয়। বন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে অভয়াৰণ্যখন আনুষ্ঠানিকভাবে মুকলি কৰে। অভয়াৰণ্যখন মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রী পাটোৱাৰীয়ে এইবাৰৰ পৰ্যটন বৰ্ষত পবিতৰালৈ পূৰ্বৰ দৰে পৰ্যটকৰ আগমন হ'ব বুলি আশা প্রকাশ কৰে। তেওঁ লগতে পবিতৰাৰ বন্যপ্ৰণী আৰু উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা প্ৰকল্প স্থানীয় ৰাইজৰ সহযোগিতাৰে ৰূপায়ণ কৰা হ'ব বুলি উল্লেখ কৰে। পর্যটকসকলে এতিয়াৰে পৰা অভয়াৰণ্যখনত জীপ আৰু হাতী চাফাৰি কৰিব পাৰিব।

October 23, 2025 9:07 PM

views 62

পবিতৰা অভয়াৰণ্য ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে মুকলি

পবিতৰা অভয়াৰণ্য আজি ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে পৰ্যটকৰ বাবে মুকলি কৰা হয়। বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অভয়াৰণ্যখন আনুষ্ঠানিকভাৱে মুকলি কৰে। বাৰিষাৰ বাবে বন্ধ হৈ থকা অভয়াৰণ্যখনত বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতি ইতিমধ্যে মেৰামতি কৰা হৈছে। অভয়াৰণ্যখন মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী পাটোৱাৰীয়ে এইবাৰৰ পৰ্যটন বৰ্ষত পবিতৰালৈ পূৰ্বৰ দৰে পৰ্যটকৰ আগমন হ'ব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে পবিতৰাৰ বন্যপ্ৰণী আৰু উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা প্ৰকল্প স্থানীয় ৰাইজৰ সহযোগিত...

October 23, 2025 11:33 AM

views 33

আজিৰ পৰা পবিতৰা অভয়াৰণ্য পুনৰ পৰ্যটকৰ বাবে মুকলি

পবিতৰা অভয়াৰণ্য আজি পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বাৰিষাৰ বাবে বন্ধ হৈ থকা অভয়াৰণ্যখনত বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতি ইতিমধ্যে মেৰামতি কৰা হৈছে বুলি অভয়াৰণ্যখনৰ মাণ্ডলিক বিষয়া প্রাঞ্জল বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে অভয়াৰণ্যখন মুকলি কৰাৰ লগে লগে পর্যটকসকলে জীপ আৰু হাতী চাফাৰি কৰিব পাৰিব। উল্লেখযোগ্য যে ১৯৯৮ চনত পবিতৰা সংৰক্ষিত বনাঞ্চল আৰু ৰজামায়ং পাহাৰ সংৰক্ষিত বনাঞ্চলৰ একত্ৰীকৰণ কৰি পবিতৰা অভয়াৰণ্যখন গঠন কৰা হৈছিল। বিশ্বৰ ভিতৰত কম আয়তনত সর্বাধিক গঁড় থকা অভয়াৰণ্যখনৰ দ্বাৰ বন মন্ত্রী চন্দ্র...

August 9, 2025 10:18 PM

views 19

পবিতৰা অভয়াৰণ্যত বন বিভাগৰ উদ্যোগত বিষাক্ত পার্থেনিয়াম ঘাঁহ নষ্ট কৰাৰ অভিযান

পবিতৰা অভয়াৰণ্যত আজি বন বিভাগৰ উদ্যোগত বিষাক্ত পার্থেনিয়াম ঘাঁহ নষ্ট কৰাৰ অভিযান আৰম্ভ কৰা হয়। আজি প্ৰথম দিনা অভয়াৰণ্যখনৰ বন বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত প্ৰায় ৪০ গৰাকী বনকর্মীয়ে এই অভিযানত অংশ লৈ প্ৰায় ৫ দশমিক ২ হেক্টৰ এলেকাত এই ঘাঁহবিধ নষ্ট কৰে ৷ কাইলৈ দলটোৱে পবিতৰা জীপ চাফাৰি সংস্থাৰ সৈতে একেলগ হৈ তামুলীদোৱা অঞ্চলত এই অভিযান চলাব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।

May 5, 2025 8:16 PM

views 50

পবিতৰা অভয়াৰণ্যত এগৰাকী বনকৰ্মীয়ে ভাৰতীয় পিট্টা অর্থাৎ নৱৰংগ নামৰ চৰাইটো প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰে

পবিতৰা অভয়াৰণ্যত আজি এগৰাকী বনকৰ্মীয়ে ভাৰতীয় পিট্টা অর্থাৎ নৱৰংগ নামৰ চৰাইটো প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰে। চৰাইটোৰ বৈজ্ঞানিক নাম- পিট্টা ব্ৰাচুৰিয়া আৰু এই চৰাইটোৰ পাখিত ৯টা ৰং আছে। পক্ষী অন্বেষণকাৰী আৰু পক্ষী সম্পৰ্কীয় আলোকচিত্ৰ গ্ৰহণকাৰী যুৱক দেৱজিৎ নাথ ধুনু, পল্লব প্ৰাঞ্জল শৰ্মা আৰু উমেশ ডেকাই অভয়াৰণ্যখনত চৰাইটোৰ প্ৰথমবাৰৰ বাবে আলোকচিত্ৰ সংগ্ৰহ কৰে। এই পৰিভ্ৰমী চৰাইটো অসমত ইয়াৰ পূৰ্বে কোকৰাঝাৰত দেখা গৈছিল বুলি তেওঁলোকে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, ৰঙিন আৰু ডাঠ ঠেংযুক্ত এই চৰাইটোৰ উৰণৰ ...

January 18, 2025 8:00 PM

views 36

পবিতৰা অভয়াৰণ্যত জলচৰ পক্ষী গণনা কাৰ্যসূচী সম্পাদন

মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত বন বিভাগ তথা প্ৰকৃতি প্ৰেমী সংগঠন আৰণ্যক আৰু আন কেইবাটাও বেচৰকাৰী সংস্থাৰ সহযোগত আজি জলচৰ পক্ষী গণনা কাৰ্যসূচী সম্পন্ন কৰা হয়। ২০২৩-২৪ বৰ্ষত ৫৬টা প্ৰজাতিৰ প্ৰায় ৮ হাজাৰ পক্ষীৰ তুলনাত এইবাৰ প্ৰায় ১০ হাজাৰ প্ৰজাতিৰ পক্ষী আছে বুলি গণনাকাৰীসকলে প্ৰকাশ কৰিছে। অভয়াৰণ্যখনত পক্ষীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে কেইবাটাও নতুন প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা গৈছে বুলি পবিতৰা অভয়াৰণ্যৰ বন আঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিয়ে।

December 8, 2024 7:33 PM

views 121

মৰিগাঁও জিলাৰ পবিতৰাত আনভাইন্স ৰাণ ফৰ দ্যা ৰাইনো, পবিতৰা আলটা ৰাণৰ আয়োজন

মৰিগাও জিলাৰ পবিতৰাত আজি পুৱা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ দীৰ্ঘ দূৰত্বৰ দৌৰ প্রতিযোগিতা – আনভাইন্স ৰাণ ফৰ দ্যা ৰাইনো, পবিতৰা আলটা ৰাণৰ আয়োজন কৰা হয়। অসমত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত এই প্রতিযোগিতাৰ পূৰ্বে কাজিৰঙাত দুবাৰকৈ ৫২ কিলোমিটাৰ দূৰত্বৰ এই প্রতিযোগিতা অনুষ্ঠিত হৈছিল। পবিতৰাত ৬২ কিলোমিটাৰলৈ আয়োজিত এই প্ৰতিযোগিতাৰ দ্বাৰা গড় সংৰক্ষণৰ দিশত সজাগতা সৃষ্টিৰ লক্ষ্য লোৱা হৈছিল। মুম্বাইৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানে অসমত এই প্রতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ইথিঅপি...

October 14, 2024 1:01 PM

views 47

আজিৰে পৰা পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে মুকলি

মৰিগাঁও জিলাৰ জৈৱ বৈচিত্ৰ ক্ষেত্র পবিতৰা অভয়াৰণ্য আজি পুৱা পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত বিধায়ক তথা জলসম্পদ আৰু জনসংযোগ মন্ত্রী পীযূষ হাজৰিকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। পৃথিৱীৰ ভিতৰতে আটাইতকৈ কম আয়তনত সৰ্বাধিক গঁড় থকা অভয়াৰণ্যখন চাবলৈ ইতিমধ্যে দেশী-বিদেশী পর্যটক উপস্থিত হৈছে।