November 12, 2025 8:53 PM November 12, 2025 8:53 PM

views 35

মাজুলীৰ আউনীআটী সত্ৰত পাল-নাম মহোৎসৱৰ আয়োজন

মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত ৩৭২ বছৰীয়া পৰম্পৰা অটুট ৰাখি আজিৰে পৰা পাল-নাম মহোৎসৱৰ আয়োজন কৰা হৈছে। মাজুলীৰ এই অন্যতম আধ্যাত্মিক আৰু সাংস্কৃতিক উৎসৱ উপলক্ষে অগণন ভকত-বৈষ্ণৱৰ আগমন হৈছে। প্ৰতিবছৰে কাতি মাহৰ শেষৰ পাঁচটা দিনত উদযাপন কৰা এই পালনামলৈ দেশৰ লগতে বিদেশৰো ভক্তৰ আগমন হয়। সত্ৰৰ ভকত-বৈষ্ণৱসকলে আজি প্রথমদিনা নাম-ভাগৱত প্ৰতিষ্ঠা কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। চাৰিওহাটীৰ ভকতসকলে দৈনিক পাল পাতি নাম লোৱাৰ লগতে দিহা নাম, নটুৱা আদি পৰিৱেশন কৰি মূল নামঘৰত ভকত বৈষ্ণৱসকলে পাল পাতি নাম পৰিৱেশন কৰিছে...