January 6, 2026 12:24 PM

views 38

মালয়েছিয়া অপেন বেডমিন্টন প্রতিযোগিতা ২০২৬ত পি ভি সিন্ধুৰ অংশগ্ৰহণ

দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে আজি কুৱালালামপুৰৰ একজিয়াটা এবেনা ষ্টেডিয়ামত অনুষ্ঠিত মালয়েছিয়া অপেন বেডমিন্টন প্রতিযোগিতা ২০২৬ত অংশগ্ৰহণ কৰিব। মহিলাৰ একক শাখাত মালবিকা মানচোৰ আৰু উন্নতি হুদায়ে ভাগ ল'ব। ইপিনে পুৰুষৰ একক শাখাত লক্ষ্য সেন আৰু আয়ুষ ছেট্টীয়ে ভাগ লোৱাৰ লগতে পুৰুষৰ ডাবলছ শাখাত ছিৰাগ ছেটী আৰু সত্বিক ছাইৰাজ ৰণকীৰেষ্ট্ৰীয়ে ভাৰতৰ হৈ অংশগ্ৰহণ কৰিব। মহিলাৰ ডাবলছ শাখাত তৃষা জল্লী আৰু গায়ত্রী গোপীচান্দ প্রতিদ্বন্দিতাত অৱতীৰ্ণ হ'ব।

May 27, 2025 8:39 PM

views 30

পি ভি সিন্ধু আৰু এইচ এছ প্রণয়ে ছিংগাপুৰ অপেন বেডমিণ্টন প্রতিযোগিতাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ভাৰতৰ পি ভি সিন্ধু আৰু এইচ এছ প্রণয়ে ছিংগাপুৰ অপেন বেডমিণ্টন প্রতিযোগিতাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। সিন্ধুৱে আজি মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত কানাডাৰ ৱেন য়ু ঝাঙক ২১-১৪, ২১- ৯ গেমত পৰাস্ত কৰে। একেদৰে, প্ৰণয়ে পুৰুষৰ ছিংগলছত ডেনমাৰ্কৰ ৰাছমাছ গেমকেক ১৯-২১, ২১-১৬, ২১-১৪ গেমত পৰাভূত কৰে। অৱশ্যে ভাৰতৰ আন এগৰাকী খেলুৱৈ মালবিকা বনচোড়, থাইলেণ্ডৰ ছুপানিডা কাটেথঙৰ হাতত ২১-১৪, ১৮-২১, ১১-২১ গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে।

May 31, 2024 12:16 PM

views 32

ছিংগাপুৰ অ’পেন বেডমিণ্টন প্রতিযোগিতাত কোৱাৰ্টাৰ ফাইনেলত পিভি সিন্ধু কেৰ’লিনা মেৰিনৰ বিৰুদ্ধে পৰাস্ত

ভাৰতৰ তাৰকা খেলুৱৈ পিভি সিন্ধু কালি ছিংগাপুৰ অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কেৰ'লিনা মেৰিনৰ বিৰুদ্ধে পৰাস্ত হয়। এয়া হ'ল স্পেইনৰ প্ৰতিদ্বন্দী খেলুৱৈগৰাকীৰ বিৰুদ্ধে সিন্ধুৰ একেৰাহে ষষ্ঠ পৰাজয়। ইয়াৰ পূৰ্বে সিন্ধুৱে প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ ২১ সংখ্যক স্থানৰ খেলিৱৈ হজমাৰ্ক কেয়াৰছফেল্ডক ২১-১২, ২২-২০ গেমত পৰাস্ত কৰিছিল।

May 30, 2024 5:38 PM

views 29

পি ভি সিন্ধু ছিংগাপুৰ অ’পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টন প্রতিযোগিতাত মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু ছিংগাপুৰ অ'পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰথম ৰাউণ্ডৰ খেলত সিন্ধুৱে বিশ্বক্ৰমৰ ২১ নম্বৰ স্থানৰ লিনে জায়েছফেল্ড ২১-১২, ২২-২০ গেমত পৰাস্ত কৰে। অৱশ্যে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত লক্ষ্য সেন আৰু কিদাম্বি শ্রীকান্ত পৰাস্ত হয়। লক্ষ্য সেনৰ বিৰুদ্ধে বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ আৰু সাম্প্ৰতিক অলিম্পিক চেম্পিয়ন ভিক্টৰ এক্সেলচেনে ১৩-২১, ২১–১৬, ১৩–২১ গেমত বিজয় সাব্যস্ত কৰে। এয়া হ'ল দুয়োগৰাকী খেলু...

May 26, 2024 12:54 PM

views 49

পি ভি সিন্ধু মালয়েছিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ

অলিম্পিকত পদক বিজেতা পি ভি সিন্ধু আজি কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত চীনৰ ঝি য়ি ৱাঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় বেডমিন্টন খেলুৱৈগৰাকীয়ে কালি ছেমি ফাইনেলত থাইলেণ্ডৰ বুছানন অংবামৰাংফানক ১৩-২১, ২১ ১৬, ২১-১২ গেমত পৰাস্ত কৰে। আনহাতে বাঙে নিজ দেশৰে য়ি মেন ঝাঙক ২১-৯, ২১-১১ পোনপটীয়া গেমত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে।

May 24, 2024 2:51 PM

views 34

পি ভি সিন্ধু মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে মালয়েছিয়াৰ কোৱালালমপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দুবাৰকৈ অলিম্পিকৰ পদক জয়ী সিন্ধুৱে কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান য়ুইক ২১-১৩, ১৪-২১, ২১–১২ গেমত পৰাস্ত কৰে। অৱশ্যে মহিলাৰ ছিংগলছৰ আন এখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অস্মিতা চলিহা চীনৰ ঝেং য়ি মেনৰ হাতত ১০-২১, ১৫-২১ গেমত পৰাজিত হয়। আনহাতে, ভাৰতৰ কিৰন জৰ্জ মালয়েছিয়াৰ জি জিয়ালিৰ হাতত ১৩-২১, ১৮-২১ গেমত পৰাজিত হৈ পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাই...