May 27, 2025 8:39 PM May 27, 2025 8:39 PM
1
পি ভি সিন্ধু আৰু এইচ এছ প্রণয়ে ছিংগাপুৰ অপেন বেডমিণ্টন প্রতিযোগিতাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ
ভাৰতৰ পি ভি সিন্ধু আৰু এইচ এছ প্রণয়ে ছিংগাপুৰ অপেন বেডমিণ্টন প্রতিযোগিতাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। সিন্ধুৱে আজি মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত কানাডাৰ ৱেন য়ু ঝাঙক ২১-১৪, ২১- ৯ গেমত পৰাস্ত কৰে। একেদৰে, প্ৰণয়ে পুৰুষৰ ছিংগলছত ডেনমাৰ্কৰ ৰাছমাছ গেমকেক ১৯-২১, ২১-১৬, ২১-১৪ গেমত পৰাভূত কৰে। অৱশ্যে ভাৰতৰ আন এগৰাকী খেলুৱৈ মালবিকা বনচোড়, থাইলেণ্ডৰ ছুপানিডা কাটেথঙৰ হাতত ২১-১৪, ১৮-২১, ১১-২১ গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে।