May 30, 2024 8:25 PM

views 20

মহাত্মা গান্ধীৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কংগ্ৰেছৰ সমালোচনা

কংগ্ৰেছে আজি অলপতে মহাত্মা গান্ধীৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত দলৰ সভাপতি মল্লিকার্জুন খাৰ্গে কয় যে, মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি বিশ্বৰ ৮০ খনৰো অধিক দেশত স্থাপন কৰা হৈছে আৰু তেওঁৰ বিষয়ে সমগ্ৰ বিশ্ব অৱগত। তেওঁ লগতে কয় যে, অষ্টাদশ লোকসভা নির্বাচন দীর্ঘ সময়ৰ বাবে মনত ৰখা হ'ব। কাৰণ এই নিৰ্বাচনত সমগ্ৰ দেশৰ জনসাধাৰণে গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে জাতি, ধর্ম, বর্ণ, ভাষা, নির্বিশেষে একেলগে ওলাই আহিছে।