February 10, 2025 8:24 PM February 10, 2025 8:24 PM
14
চৰকাৰৰ কাৰ্যকালত দেশৰ মুঠ ঘৰুৱা উৎপাদনত নির্মাণখণ্ডৰ অংশৰ পৰিমাণ হ্ৰাস পাইছেঃ পি চিদাম্বৰম
ৰাজ্যসভাতো আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটৰ ওপৰত আলোচনা অব্যাহত আছে। আলোচনা আৰম্ভ কৰি কংগ্ৰেছৰ নেতা পি চিদাম্বৰমে কয় যে এই চৰকাৰৰ কাৰ্যকালত দেশৰ মুঠ ঘৰুৱা উৎপাদনত নির্মাণখণ্ডৰ অংশৰ পৰিমাণ হ্ৰাস পাইছে। ২০২৫ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাৰ উদ্ধৃতি দি শ্ৰীচিদাম্বৰমে কয়, যে ২০১৪ চনত নিৰ্মাণ খণ্ডৰ অংশ ১৫ দশমিক ০-৭ শতাংশ আছিল, যি ২০১৯ চনত ১৩.৪৬ আৰু ২০২৩ চনত ১২.৯৩ শতাংশলৈ অৱনমিত হ'ল। তেওঁ লগতে উৎপাদন সম্পর্কীত উদগণি আৰু নিৰ্মাণখণ্ড এই দুয়োটা দিশতে চৰকাৰ বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰে। শ্ৰীচিদাম্...