August 19, 2024 11:54 AM

views 15

কলকাতাত চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ পদ্ম বঁটাৰে সন্মানিত ৭০গৰাকীতকৈ অধিক চিকিৎসকৰ পত্ৰ প্ৰেৰণ

দেশৰ পদ্ম বঁটাৰে সন্মানিত ৭০গৰাকীতকৈ অধিক চিকিৎসকে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ সৈতে জড়িত গোচৰত ব্যক্তিগতভাৱে হস্তক্ষেপ কৰাৰ আহ্বান জনাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে। চিকিৎসকসকলে পত্ৰত উল্লেখ কৰিছে যে, এনেধৰণৰ অমানুষিক কাৰ্যই চিকিৎসা সেৱাৰ আন্তঃগাঁথনিক জোকাৰি যায়। তেওঁলোকে লগতে এনে দুষ্কার্য, বিশেষকৈ মহিলা, কিশোৰী তথা স্বাস্থ্যকর্মীসকলৰ বিৰুদ্ধে সংঘটিত অপৰাধ নির্মূল কৰাৰ তাৎক্ষণিক প্রয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে।...