January 21, 2025 9:25 PM

views 10

দেশত ৪ কোটিৰো অধিক সুকন্যা সমৃদ্ধি একাউণ্ট

চৰকাৰে দেশত ৪ কোটিৰো অধিক সুকন্যা সমৃদ্ধি একাউণ্ট খোলা বুলি প্ৰকাশ কৰিছে। বেটী বচাও-বেটী পঢ়াও অভিযানৰ অংশ হিচাপে ২০১৫ চনৰ ২২ জানুৱাৰীত আৰম্ভ কৰা এই আঁচনিখনৰ অধীনত অভিভাৱকসকলক যিকোনো ডাকঘৰ অথবা নিৰ্ধাৰিত বাণিজ্যিক বেংক শাখাত কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি একাউণ্ট খোলাৰ সুবিধা প্ৰদান কৰা হয়। মাত্র ২৫০ টকাৰ ন্যূনতম ধনৰাশিৰে এনে একাউণ্ট খুলিব পৰা যায়। বিত্ত মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, এই আঁচনিত সম্প্ৰতি বছৰি ৮ দশমিক ২ শতাংশ হাৰত সূত প্ৰদান কৰা হয়। যোৱা ২২ জানুৱাৰীত ১০ বছৰ সম্পূৰ্ণ কৰা এই আঁচ...