September 2, 2025 1:53 PM
14
আফগানিস্তানত ভয়াৱহ ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৮১২লৈ বৃদ্ধি
২০১৫ চনৰ পাছত আফগানিস্তানত কালি হোৱা আটাইতকৈ ভয়াৱহ ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৮১২ লৈ বৃদ্ধি পাইছে। ভূমিকম্পত এইপর্যন্ত দুহেজাৰ ৮১৭ গৰাকী লোক আঘাতপ্রাপ্ত হোৱাৰ বাতৰি আহিছে। দেশখনৰ চৰকাৰী মুখপাত্র জাবিহুল্লাহ মুজাহিদে প্ৰকাশ কৰা অনুসৰি ভূমিকম্পত কুনাৰ অঞ্চলটো সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ পাছতে ক্ষতিৰ সন্মুখীন হোৱা অঞ্চলৰ তালিকাত নানগড়হৰ, লাঘমান, নুৰিস্তান আৰু পঞ্জচিৰ আছে বুলি তেওঁ প্ৰকাশ কৰে। এই অঞ্চলসমূহৰ প্ৰায়সমূহ গাঁৱেই ধ্বংস হৈছে আৰু গাঁওসমূহলৈ সংযোগ বিধবস্ত হোৱাৰ ফলত উদ্ধাৰ অভ...