December 28, 2025 10:36 AM

views 11

ৰাজ্য চৰকাৰে ৰাজহ ঘাটি জোৰা মৰাৰ উদ্দেশ্যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ পৰা চৰকাৰী বেতনভোগী কৰ্মচাৰীৰ নাম কৰ্তনৰ নিৰ্দেশ দিছে

ৰাজ্য চৰকাৰে ৰাজহ ঘাটি জোৰা মৰাৰ উদ্দেশ্যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ পৰা চৰকাৰী বেতনভোগী কৰ্মচাৰীৰ নাম কৰ্তনৰ নিৰ্দেশ দিছে। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে এটা নির্দেশনাযোগে ৩১ ডিচেম্বৰৰ ভিতৰত অৰুণোদয় আঁচনিৰ মাহে বিত্তীয় অনুদান লাভ কৰা অহা সকলো ধৰণৰ চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেন্সনাৰ, ঠিকাভিত্তিক কৰ্মচাৰীৰ লগতে অংগনৱাড়ী কৰ্মী, মধ্যাহ্ন ভোজন কর্মী, আশাকর্মী, আশা পর্যবেক্ষক আৰু গাঁওবুঢ়াসকলৰ নাম কৰ্তন কৰিবলৈ কৈছে। ইয়াৰ উপৰি বিশ্ববিদ্যালয়-মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক, কনিষ্ঠ মহাবিদ্যালয়...