December 11, 2024 8:15 PM December 11, 2024 8:15 PM
2
নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান; মাজুলীৰ জেংৰাই গাঁও পঞ্চায়তৰ বঁটা লাভ
ৰাষ্ট্ৰপতি শ্ৰীমতি দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ে আয়োজন কৰা এটা অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানত তৃণমূল পৰ্যায়ৰ প্ৰশাসন আৰু সমূহীয়া উন্নয়নৰ ক্ষেত্ৰত লাভ কৰা সাফল্যক প্রতিফলিত কৰি বিভিন্ন শাখাত মুঠ ৪৫খন পঞ্চায়তক এই বঁটা প্ৰদান কৰা হয়। মাজুলীৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জেংৰাই গাঁও পঞ্চায়তে শিশুৰ বাবে অনুকূল পঞ্চায়ত শিতানত দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰে। উল্লেখযোগ্য যে ওড়িশা আৰু ত্ৰিপুৰাই সৰ্বাধিক স...