September 30, 2024 8:45 PM
16
ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প কাইলৈ পৰ্যটকৰ বাবে মুকলি
ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প পৰ্যটকৰ বাবে কাইলৈ মুকলি কৰা হ'ব। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ এটা খৰ্গযুক্ত গঁড়ৰ বিচৰণথলী আৰু মাটিকালিৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰতে বাঘৰ ঘন বসতি থকা এই উদ্যানখন মুকলি কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন হৈছে। উদ্যানখনৰ পথসমূহ মেৰামতি কৰি জীপ ছাফাৰীৰ বাবে উপযোগী কৰি তোলা হৈছে। এইবাৰ পৰ্যটকসকলৰ সুবিধার্থে বন বিভাগে নিজাকৈ ছটা কোঠাৰ ইকো কেম্প মুকলি কৰিছে। এইবেলি উদ্যানখনত পৰ্যটকৰ সমাগম বৃদ্ধি পাব বুলি আশা কৰা হৈছে।