May 16, 2024 8:35 PM May 16, 2024 8:35 PM
7
ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ ঘোষণা
ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী আৰু হাতী ছাফাৰী বন্ধ থাকিব বুলি মঙলদৈ বন্যপ্রাণী সংমণ্ডলে জনাইছে। উল্লেখযোগ্য যে, প্রতি বছৰৰ দৰে এইবাৰো বাৰিষা আগতীয়াকৈ অহাৰ বাবে উদ্যানৰ ভিতৰৰ পথ বেয়া হোৱাৰ পৰিপ্ৰেক্ষিতত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰিছে। উদ্যান কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত উদ্যানখন পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা তাৰিখ ঘোষণা কৰিব।