October 8, 2025 6:18 PM

views 21

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বনৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন চোৰাং চিকাৰী নিহত

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত যোৱা নিশা বনৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন চোৰাং চিকাৰী নিহত হয়। মৃত চোৰাং চিকাৰীজন দৰং জিলাৰ ভৱপুৰ গাঁৱৰ খলিলুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। কুখ্যাত চোৰাং চিকাৰী ৰহমানক যোৱা বছৰ দৰং আৰক্ষীয়ে অস্ত্ৰ-শস্ত্রসহ গ্ৰেপ্তাৰ কৰিছিল যদিও পাছত তেওঁ জামিনত মুক্তি লাভ কৰে। বনৰক্ষীৰ দলে ঘটনাস্থলীৰ পৰা ছটা ৰাউণ্ড গুলীৰ লগতে এখন কুঠাৰ, বন্দুকৰ চাইলেন্সাৰ হিচাপে ব্যৱহাৰ কৰা লোহাৰ পাইপ আৰু মোবাইল ফোন উদ্ধাৰ কৰে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আৰক্ষীৰ সহযোগত ৰহম...

August 11, 2025 12:31 PM

views 20

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সভাকক্ষত বিষাক্ত আৰু বিষবিহীন সাপ চিনাক্তকৰণ সন্দৰ্ভত কর্মশালা সম্পন্ন

■ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সভাকক্ষত কালি বিষাক্ত আৰু বিষবিহীন সাপ চিনাক্তকৰণ সন্দৰ্ভত এখন কর্মশালা অনুষ্ঠিত হয়। মঙলদৈ বন্যপ্রাণী সংমণ্ডলৰ উদ্যোগত আৰু আছাম ৱাইল্ড লাইফ ৰেচকিউ এণ্ড ৰিচাৰ্ছ অর্গেনাইজেচন চমুকৈ এৰ'ৰ কাৰিকৰী সহযোগত এই কর্মশালা অনুষ্ঠিত হয়। বিষাক্ত আৰু বিষবিহীন সাপ চিনাক্তকৰণৰ লগতে সাপ আৰু সৰু স্তন্যপ্ৰায়ী বন্যপ্রাণী নিৰাপদে উদ্ধাৰ কৰাৰ ক্ষেত্ৰত পালন কৰিবলগীয়া নীতি-কৌশল সম্পর্কে বনকৰ্মীসকলক এই কর্মশালাত প্রয়োজনীয় ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হয়।

January 2, 2025 6:35 PM

views 17

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নিচলামাৰী বন শিবিৰৰ অন্তৰ্গত বনাঞ্চলত এটা গঁড় মৃত অৱস্থাত উদ্ধাৰ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নিচলামাৰী বন শিবিৰৰ অন্তৰ্গত বনাঞ্চলত আজি বন সুৰক্ষা কৰ্মীয়ে এটা মতা গঁড় মৃত অৱস্থাত উদ্ধাৰ কৰে। গঁড়টোৰ খৰ্গ অক্ষত অৱস্থাত আছে। প্ৰাৰম্ভিক পৰ্যবেক্ষণত স্বাভাৱিক কাৰণতে গঁড়টোৰ মৃত্যু হৈছে বুলি প্ৰকাশ কৰা হৈছে। গঁড়টোৰ মৃত্যুৰ প্ৰকৃত কাৰণ নিশ্চিত কৰাৰ বাবে উদ্যান কৰ্তৃপক্ষই মৃত গঁড়টোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

May 25, 2024 6:03 PM

views 17

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন সুৰক্ষা কৰ্মী আৰু দলগাঁও থানাৰ আৰক্ষীৰ যুটীয়া অভিযানত এটা চোৰাং চিকাৰীক আটক

দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন সুৰক্ষা কৰ্মী আৰু দলগাঁও থানাৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই যোৱা নিশা উদ্যানখনৰ পৰা এটা চোৰাং চিকাৰী আটক কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া ভৱপুৰ গাঁৱৰ হুছেইন আলী নামৰ চোৰাং চিকাৰীটোৱে ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি ৰাজ্যৰ আন আন উদ্যানসমূহত চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।