October 8, 2025 12:58 PM
14
ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বন সুৰক্ষা কৰ্মীৰ গুলীত চোৰাং চিকাৰী নিহত
দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত যোৱা নিশা বন সুৰক্ষা কৰ্মীৰ গুলীত এজন চোৰাং চিকাৰী নিহত হয়। ৰাষ্ট্ৰীয় উদ্যানখনত গঁড় চিকাৰৰ বাবে চোৰাং চিকাৰীৰ দল প্ৰৱেশ কৰাৰ সম্ভেদ লাভ কৰাৰ পাছত ৰহমানপুৰ বন শিৱিৰ এলেকাৰ বন সুৰক্ষা কৰ্মীৰ দলে নিশা চাৰে ১২ মান বজাত বিপৰীত দিশৰ পৰা অহা এজন সন্দেহজনক লোকক প্ৰত্যক্ষ কৰে। বনকৰ্মীয়ে বিপৰীত দিশৰ পৰা অহা লোকসকলক পৰিচয় দিবলৈ কয় যদিও তেওঁলোকে পৰিচয় দিয়াৰ পৰিৱৰ্তে গুলীচালনা কৰে। প্ৰত্যুত্তৰত বনৰক্ষীৰ দলেও গুলীচালনা কৰাত এজন চোৰাং চিকাৰ...