October 6, 2025 2:12 PM

views 29

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প আজিৰে পৰা আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। অসম চৰকাৰৰ বন্যপ্ৰাণী বিভাগৰ প্ৰধান মুখ্য বন সংরক্ষক ড০ বিনয় গুপ্তাই আজি উদ্যানখনত আয়োজিত এটা অনুষ্ঠানত ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে উদ্যানখন মুকলি কৰে। অনুষ্ঠানত মঙলদৈ বন্যপ্রাণী সংমণ্ডল বিষয়া ড০ প্ৰদীপ্ত বৰুৱা আৰু ভালেসংখ্যক উচ্চপদস্থ বিষয়া উপস্থিত আছিল।