November 27, 2024 12:13 PM

views 13

কিউ আৰ ক’ডযুক্ত নতুন পানকাৰ্ডৰ প্ৰচলনত কেন্দ্রীয় মন্ত্রীসভাৰ সিদ্ধান্ত গ্রহণ

কেন্দ্রীয় মন্ত্রীসভাই কিউ আৰ ক’ডযুক্ত নতুন পানকাৰ্ডৰ প্ৰচলনত সিদ্ধান্ত গ্রহণ কৰিছে। কৰদাতাক অধিক সুবিধা দিয়া আৰু ব্যৱসায়ীৰ কাম-কাজ সুচল কৰাৰ বাবেই মন্ত্রীসভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেন্দ্রীয় তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কালি মন্ত্রীসভাত এই সিদ্ধান্তৰ কথা ঘোষণা কৰি কয়, যে PAN কাৰ্ডৰ দ্বিতীয় পৰ্যায়ৰ এই নতুন প্ৰকল্পটোৰ বাবে এহেজাৰ ৪৩৫ কোটি টকা ব্যয় কৰা হ'ব। তেওঁ লগতে কয়, যে কিউ আব ক’ডযুক্ত PAN কাৰ্ডৰ ব্যৱস্থা জনসাধাৰণৰ তথ্য আৰু বেংক একাউণ্ট সুৰক্ষিত ৰখাৰ লগতে বিত্তীয় জালি...