May 21, 2025 12:35 PM

views 10

অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিদেশলৈ যাবলগীয়া ৭টা সর্বদলীয় প্রতিনিধি মণ্ডলৰ প্ৰথমটো গোট আজি ৰাওনা

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া ৭টা সর্বদলীয় প্রতিনিধি মণ্ডলৰ প্ৰথমটো গোট আজি ৰাওনা হ'ব। শিৱসেনাৰ সাংসদ শ্রীকান্ত সিন্দেৰ নেতৃত্বত প্ৰথমটো দলে সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ, লাইবেৰিয়া, ডেম'ক্রেটিক ৰিপাব্লিক অব কংগো আৰু চিয়েৰা লিয়ন ভ্ৰমণ কৰিব। জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝা আৰু ডি এম কেৰ সাংসদ কানিমুঝি কৰুণানিধিৰ নেতৃত্বত আন দুটা দল কাইলৈ ৰাওনা হ'ব। সঞ্জয় ঝাৰ নেতৃত্বৰ প্ৰতিনিধি দলটোৱে ইণ্ডোনেছিয়া, মালয়েছিয়া, কোৰিয়া, জাপান আৰু ছিংগাপুৰ ভ্ৰমণ কৰ...

May 20, 2025 9:11 PM

views 25

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্য্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া সর্বদলীয় প্রতিনিধি মণ্ডলৰ সদস্যসকলক বিদেশ সচিব বিক্রম মিশ্ৰীৰ প্ৰয়োজনীয় বিভিন্ন বিষয় অৱগত

বিদেশ সচিব বিক্রম মিশ্ৰীয়ে আজি অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্য্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া সর্বদলীয় প্রতিনিধি মণ্ডলৰ সদস্যসকলক প্ৰয়োজনীয় বিভিন্ন বিষয়ে অৱগত কৰে। ইয়াৰ পূৰ্বে চৰকাৰে পাকিস্তানৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি সম্পৰ্কে বিশ্বৰ বিভিন্ন দেশক অৱগত কৰোৱাৰ উদ্দেশ্যে ৭টা বহুদলীয় প্রতিনিধি মণ্ডল কেবাখনো বিদেশী ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হ'ব বুলি ঘোষণা কৰিছিল। ৫৯ জন সাংসদেৰে গঠিত এই প্রতিনিধি দলটোৱে কাইলৈৰে পৰা অহা ৫ জুনলৈকে ৰাষ্ট্ৰসংঘৰ সদস্য ৰ...

May 19, 2025 9:07 PM

views 11

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ পৃষ্ঠপোষকতা লাভ কৰা সন্ত্ৰাসবাদী সংগঠনসমূহ সমূলংশে নিপাত কৰিছেঃ ৰিজিজু

কেন্দ্ৰই গঠন কৰি দিয়া সর্বদলীয় দলসমূহে বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰি বিশ্ব নেতাসকলৰ আগত অপাৰেচন সিন্দূৰৰ খতিয়ান দাঙি ধৰাৰ লগতে সন্ত্ৰাসবাদ দমনৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ কথা প্ৰকাশ কৰিব। লেহ ভ্ৰমণকালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ পৃষ্ঠপোষকতা লাভ কৰা সন্ত্ৰাসবাদী সংগঠনসমূহ সমূলংশে নিপাত কৰিছে। লে'হৰ শ্ৰদ্ধা...

May 13, 2025 12:39 PM

views 19

সন্ত্রাসবাদী আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰা আন্তঃগাঁথনিৰ বিৰুদ্ধেহে ভাৰতে যুঁজ দিছিল, পাকিস্তানী সেনাৰ সৈতে নহয়

বায়ুসেনাৰ সামৰিক অভিযানৰ সঞ্চালকপ্ৰধান এয়াৰ মাৰ্ছেল এ কে ভাৰতীয়ে কয়, যে সন্ত্রাসবাদী আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰা আন্তঃগাঁথনিৰ বিৰুদ্ধেহে ভাৰতে যুঁজ দিছিল, পাকিস্তানী সেনাৰ সৈতে নহয়। পাকিস্তানী সেনাই এই ক্ষেত্ৰত হস্তক্ষেপ কৰি ভাৰতীয় সশস্ত্র বাহিনীক প্ৰত্যুত্তৰ দিবলৈ বাধ্য কৰোৱাটো দুখৰ বিষয় বুলি সঞ্চালকপ্রধানগৰাকীয়ে মন্তব্য কৰে। নতুন দিল্লীত কালি অপাৰেচন সিন্দূৰ সন্দৰ্ভত এখন সংবাদমেলত অংশ লৈ এয়াৰ মাৰ্ছেলগৰাকীয়ে সেনা বাহিনীয়ে এই অভিযানৰ সময়ত কেনেদৰে দেশৰ অসামৰিক লোক আৰু সামৰিক আন্তঃগাথন...

May 12, 2025 7:19 PM

views 12

সিন্দুৰ অভিযান সম্পৰ্কত দেশবাসীক উদ্দ্যেশি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নিশা ৮ বজাত ভাষণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নিশা ৮ বজাত সিন্দুৰ অভিযান সম্পৰ্কত দেশবাসীক উদ্দ্যেশি ভাষণ দিব। জম্মু-কাশ্মীৰৰ পেহেলগামত এগৰাকী নেপালৰ নাগৰিক আৰু ২৫ জন ভাৰতীয়ক সন্ত্রাসবাদীয়ে বৰভাৱে আক্রমণ চলায় হত্যা ঘটনাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল। এই অভিযানত পাকিস্তানৰ কেইবাটাও সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস হোৱাৰ লগতে কমেও ১০০ জন সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি সেনাবাহিনীয়ে প্ৰকাশ কৰিছিল। প্ৰধানমন্ত্রী মোডীয়ে আজি বিয়লি নতুন দিল্লীৰ চৰকাৰী বাসভৱনত এখন উচ্চ পৰ্য্যায়ৰ বৈঠকত অধ্যক্...

May 12, 2025 6:19 PM

views 54

অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে বিশ্বক সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা যুঁজৰ স্পষ্ট বার্তা দিয়া বুলি বিজেপিৰ প্ৰকাশ

বিজেপিয়ে আজি কয়, যে অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে বিশ্বক সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা যুঁজৰ এটা স্পষ্ট বার্তা দিলে। নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত দলটোৰ মুখপাত্র সম্বিত পাত্রই কয়, যে পাকিস্তান আৰু দেশখনে চলাই থকা সন্ত্রাসবাদক বিশ্বৰ সন্মুখত উন্মোচন কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যক্ষভাৱে ২০ খন দেশৰ নেতৃবৰ্গৰ সৈতে কথা পাতে। চৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহীকে ধৰি বহুকেইখন ইছলামিক দেশে এইক্ষেত্ৰত ভাৰতৰ প্ৰতি সমর্থন ব্যক্ত কৰে বুলি শ্ৰীপাত্ৰই উল্লেখ কৰে। ...

May 11, 2025 8:26 PM

views 20

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাৰ সংবাদমেল

অপাৰেচন সিন্দুৰ সন্দৰ্ভত আজি ভাৰতীয় সশস্ত্র বাহিনীৰ তিনিওটা শাখাই আজি সন্ধিয়া এখন সংবাদমেল যোগে অৱগত কৰে। সংবাদ মেলত স্থল সেনা বাহিনীৰ সামৰিক অভিযানৰ সঞ্চালক প্রধান ডি জি এম অ' লেফটেনেণ্ট জেনেৰল ৰাজীৱ ঘাই, বায়ুসেনা বাহিনীৰ ডি জি এম অ' এয়াৰ মার্শাল এ কে ভাৰ্টি আৰু নৌসেনা বাহিনীৰ ডি জি এম অ' ভাইচ এডমিৰেল প্ৰমোদে অংশগ্ৰহণ কৰে। স্থলসেনা বাহিনীৰ ডি জি এম অ গৰাকীয়ে কয় যে পেহেলগামত ২৬জন নিৰীহ লোকক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাৰ প্ৰত্যুত্তৰ হিচাপে এই সন্ত্ৰাসবাদবিৰোধী অভিযান চলোৱা হৈছিল আৰু ইয়াৰ দ্বা...

May 11, 2025 8:21 PM

views 16

অপাৰেচন সিন্দুৰ কেৱল সামৰিক অভিযানেই নহয় বৰং এই অভিযানে ভাৰতৰ ৰাজনৈতিক, সামাজিক, কৌশলগত ক্ষেত্ৰত দৃঢ়তাক প্ৰতিপন্ন কৰিছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

অপাৰেচন সিন্দুৰ কেৱল সামৰিক অভিযানেই নহয় বৰং এই অভিযানে ভাৰতৰ ৰাজনৈতিক, সামাজিক, কৌশলগত ক্ষেত্ৰত দৃঢ়তাক প্ৰতিপন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লক্ষ্ণৌত ব্ৰহ্মছ এৰোস্পেছ একত্ৰিকৰণ আৰু পৰীক্ষণ ব্যৱস্থা ভার্চুৱেল পদ্ধতিৰে মুকলি কৰি দিয়া ভাষণত এই কথা উল্লেখ কৰে। তেওঁ কয় যে অপাৰেছন সিন্দুৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতিক প্ৰতিফলিত কৰাৰ উপৰি সামৰিক শক্তিৰ দৃঢ়তা আৰু সামৰ্থক বিশ্বৰ সন্মুখত তুলি ধৰিছে। শ্রী সিঙে কয় যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়ত স...

May 11, 2025 12:28 PM

views 11

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হ’ব অপৰাচেন সিন্দূৰ সন্দৰ্ভত বিশেষ দৃষ্টিপাত

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ অন্যতম নায়ক অৱসৰপ্ৰাপ্ত উইং কমাণ্ডাৰ জগদীশ ভট্টাচার্যই শনিবাৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত পাকিস্তানত বোমাবর্ষণ কৰি উভতি অহাৰ পথত তেওঁৰ বিমান গুলীবিদ্ধ হোৱা ধ্বংস হোৱা আৰু পেৰাচ্যুটেৰে নামি অহাৰ পাছত কিদৰে পাকিস্তানী সেনাৰ চকুত ধূলি মাৰি স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিছিল এই সম্পৰ্কত প্ৰকাশ কৰে। অপৰাচেন সিন্দূৰ সম্পৰ্কত তেওঁ কয়, যে এই অভিযানৰ দ্বাৰা ভাৰতীয় বায়ুসেনাই উৎকৃষ্টতাৰ নিদৰ্শন দাঙি ধৰিছে। এই অভিযান নিখুঁট আৰু সুপৰিকল্পিত বুলি ত...

May 9, 2025 12:35 PM

views 14

পাঠানকোট, জলন্ধৰ, অমৃতসৰ, ভাটিন্দাকে ধৰি কেইবাটাও স্থানক লক্ষ্য কৰি পাকিস্তানে কৰা একাধিক আক্ৰমণৰ প্ৰচেষ্টাক প্রতিহত সশস্ত্ৰ বাহিনীৰ

পঞ্জাবত সশস্ত্র বাহিনীয়ে যোৱা নিশা পাঠানকোট, জলন্ধৰ, অমৃতসৰ, ভাটিন্দাকে ধৰি কেইবাটাও স্থানক লক্ষ্য কৰি পাকিস্তানে কৰা একাধিক আক্ৰমণৰ প্ৰচেষ্টাক প্রতিহত কৰে। জলন্ধৰ, পাঠানকোট আৰু ভাটিণ্ডাকে ধৰি কেইবাখনো জিলাৰ উপ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে জানিবলৈ দিছে যে, পাকিস্তানে ড্ৰ'নকে ধৰি নিক্ষেপ কৰা আন বিভিন্ন ক্ষেপনাস্ত্র সশস্ত্র বাহিনীয়ে নিষ্ক্রিয় কৰে। এই আক্ৰমণত এই পর্যন্ত কোনো ক্ষয়-ক্ষতিৰ খবৰ প্ৰকাশ পোৱা নাই। পাকিস্তানৰ সৈতে ৫৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত বাটোৱাৰা পঞ্জাবত সম্প্রতি হাই এলাৰ্ট জাৰি ...