May 9, 2025 12:01 PM
14
পাকিস্তানে ড্রোন, ক্ষেপণাস্ত্ৰৰে ভাৰতৰ কেইবাখনো চহৰত চলোৱা আক্ৰমণৰ প্ৰচেষ্টা ব্যর্থ সশস্ত্ৰ বাহিনীৰ
সশস্ত্র বাহিনীসমূহে যোৱানিশা পাকিস্তানে ড্রোন, ক্ষেপণাস্ত্ৰ আৰু অন্য অস্ত্ৰ-শস্ত্ৰৰ সহায়ত দেশৰ উত্তৰ আৰু পশ্চিম অংশৰ কেইবাখনো চহৰক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ প্ৰচেষ্টা ব্যর্থ কৰে। পাকিস্তানী সেনাই জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত কালি কেইবাবাৰো যুদ্ধ বিৰতি উলংঘা কৰে। সংহত প্ৰতিৰক্ষা ষ্টাফৰ মুখ্য কাৰ্যালয়ত প্ৰকাশ কৰা মতে পাকিস্তানে জম্মু, পাঠানকোট আৰু উধমপুৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ কেইবাটাও ঘাটিক লক্ষ্য কৰি লোৱাৰো চেষ্টা চলায়। জম্মু আৰু কাশ্মীৰৰ পুঞ্চ, ৰাজৌৰি, ভিমবাৰ আদি খণ্ডতো পাকিস...