May 7, 2025 9:17 PM
8
ভাৰতীয় সেনা বাহিনীৰ সিন্দূৰ অভিযানৰ যোগেদি প্ৰদৰ্শন কৰা সাহসিকতাক বিভিন্ন দলৰ নেতাৰ প্ৰশংসা
ৰাজনৈতিক মতাদর্শ নির্বিশেষে বিভিন্ন দলৰ নেতাই সেনা বাহিনীয়ে সিন্দূৰ অভিযানৰ যোগেদি প্ৰদৰ্শন কৰা সাহসিকতাৰ প্ৰশংসা কৰিছে। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰুগানে এই অভিযানৰ জৰিয়তে ভাৰতীয় সশস্ত্র বাহিনীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁলোকৰ নির্ণায়ক কাৰ্যপন্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে। এটা বাৰ্তাত ড০ মুৰুগানে কয় যে প্রধানমন্ত্ৰীৰ নেতৃত্বত সেনা বাহিনীয়ে পেহেলগামত ভাৰতৰ গণতান্ত্রিক ভাৱধাৰাক বিনষ্ট কৰাৰ লক্ষ্যৰে সন্ত্ৰাসবাদীয়ে চলোৱা পাশৱিক আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিছে। অপাৰেচন সিন্দূৰ...