June 24, 2025 7:04 PM

views 21

সিন্ধু অভিযানৰ অধীনত বৰ্তমানলৈকে ২,২৯৫ গৰাকী ভাৰতীয় লোক নিজ দেশলৈ প্ৰত্যাৱৰ্তন

পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ অঞ্চলসমূহৰ বৰ্ধিত উত্তেজনাময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা সিন্ধু অভিযানৰ অধীনত বৰ্তমানলৈকে দুহেজাৰ ২৯৫ গৰাকী ভাৰতীয় লোকক নিজ দেশলৈ ওভতাই অনা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে প্ৰকাশ কৰা মতে ইৰানৰ মাছাদৰ পৰা ২৯২ গৰাকী ভাৰতীয় লোকক লৈ অনা এখন বিশেষ বিমান আজি নিচেই পুৱাতে নতুন দিল্লীত অৱতৰণ কৰে। বায়ুসেনাই প্রয়োজনৰ সময়ত দেশৰ ভিতৰত অথবা বিশ্বৰ যিকোনো প্রান্তত সহায়-সহযোগিতা আগবঢ়াবলৈ প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰে। বায়ুসেনাই ভাৰত আৰু...

June 22, 2025 12:22 PM

views 55

অপাৰেচন সিন্ধুৰ অধীনত এতিয়ালৈকে ১,১১৭ গৰাকী ভাৰতীয় নাগৰিকক ইৰানৰ পৰা উদ্ধাৰ

অপাৰেচন সিন্ধুৰ অধীনত এতিয়ালৈকে ১,১১৭ গৰাকী ভাৰতীয় নাগৰিকক ইৰানৰ পৰা উদ্ধাৰ কৰা হৈছে। বৈদেশিক মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি কালি নিশা ইৰানৰ পৰা এখন বিশেষ বিমানযোগে ২৯০ গৰাকী ভাৰতীয়ক নতুন দিল্লীলৈ অনা হয়। কালি সন্ধিয়া ৩১০ গৰাকী ভাৰতীয় নাগৰিক কঢ়িয়াই অনা আন এখন বিমান ইৰানৰ পৰা নতুন দিল্লীত উপস্থিত হয়। নেপাল আৰু শ্ৰীলংকাই সংঘৰ্ষ জৰ্জৰ ইৰানৰ পৰা অপাৰেচন সিন্ধু অধীনত লোকসকলক সুৰক্ষিতভাৱে ঘূৰাই অনাৰ বাবে ভাৰতক কৃতজ্ঞতা জ্ঞাপন কৰিছে। নেপালৰ বৈদেশিক মন্ত্ৰী আৰ্দ্ৰ ৰানা দেউবাই কেইবাগৰাকীও নেপাল...