June 24, 2025 7:04 PM June 24, 2025 7:04 PM
8
সিন্ধু অভিযানৰ অধীনত বৰ্তমানলৈকে ২,২৯৫ গৰাকী ভাৰতীয় লোক নিজ দেশলৈ প্ৰত্যাৱৰ্তন
পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ অঞ্চলসমূহৰ বৰ্ধিত উত্তেজনাময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা সিন্ধু অভিযানৰ অধীনত বৰ্তমানলৈকে দুহেজাৰ ২৯৫ গৰাকী ভাৰতীয় লোকক নিজ দেশলৈ ওভতাই অনা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে প্ৰকাশ কৰা মতে ইৰানৰ মাছাদৰ পৰা ২৯২ গৰাকী ভাৰতীয় লোকক লৈ অনা এখন বিশেষ বিমান আজি নিচেই পুৱাতে নতুন দিল্লীত অৱতৰণ কৰে। বায়ুসেনাই প্রয়োজনৰ সময়ত দেশৰ ভিতৰত অথবা বিশ্বৰ যিকোনো প্রান্তত সহায়-সহযোগিতা আগবঢ়াবলৈ প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰে। বায়ুসেনাই ভাৰত আৰু...