July 26, 2024 12:28 PM

views 22

পেৰিছৰ শ্বেন নৈৰ পাৰত আজি নিশা ১১ বজাত পেৰিছ অলিম্পিক ক্রীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠান

২০২৪ বৰ্ষৰ পেৰিছ অলিম্পিক ক্রীড়া সমাৰোহ আজি আৰম্ভ হ'ব। পেৰিছৰ শ্বেন নৈৰ পাৰত ভাৰতীয় সময় অনুসৰি নিশা ১১ বজাত এই ক্রীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। ইতিহাসত প্ৰথমবাৰৰ বাবে এইবেলি মুকলি আকাশৰ তলত অলিম্পিক ক্রীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাৰোহত অংশগ্ৰহণ কৰা দেশসমূহৰ প্ৰায় ১০ হাজাৰ ৫০০ গৰাকী খেলুৱৈক প্ৰায় ১০০ খন নাৱেৰে পেৰিছৰ দৰ্শনীয় স্থলসমূহৰ ওচৰেৰে লৈ যোৱা হ'ব আৰু এইদৰে দেশসমূহৰ কুচকাৱাজ অনুষ্ঠিত হ'ব। অষ্টাৰলিটজ দলঙৰ ওচৰত আৰম্ভ হৈ এই কুচকাৱাজৰ আইফেল টাৱাৰৰ ওচৰ...