December 12, 2025 8:05 PM

views 11

অনলাইন ট্রেডিং কেলেংকাৰীৰ গোচৰৰ প্ৰথমটো শুনানিত অভিযুক্ত চুমি বৰা, তার্কিক বৰা আৰু বিশাল ফুকন চিবিআইৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ

অনলাইন ট্রেডিং কেলেংকাৰীৰ গোচৰৰ প্ৰথমটো শুনানিত অভিযুক্ত চুমি বৰা, তার্কিক বৰা আৰু বিশাল ফুকন আজি চানমাৰিৰ চি বি আইৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ হয়। আদালতৰ নিৰ্দেশৰ ভিত্তিত তিনি অভিযুক্তই আজি ভাষ্য প্ৰদান কৰে। অৱশ্যে আন এজন অভিযুক্ত অভিজিত চান্দ আদালতত উপস্থিত থকাৰ পৰা বিৰত থাকে। উল্লেখযোগ্য যে অনলাইন ট্রেডিং কেলেংকাৰীৰ সন্দৰ্ভত ৰাজ্যত ৪১টাকৈ গোচৰ ৰুজু কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰে এই গোচৰসমূহৰ তদন্তৰ দায়িত্ব চি বি আইক অৰ্পণ কৰে।