March 27, 2025 8:06 PM March 27, 2025 8:06 PM

views 4

অনলাইন ট্রেডিঙৰ নামত বিত্তীয় অনিয়মত লিপ্ত ছাকিৰ আৰু জাবিৰ নামৰ দুজন লোকক কলকাতাত শ্ৰীভূমি আৰক্ষীৰ গ্ৰেপ্তাৰ

শ্রীভূমি আৰক্ষীয়ে আজি অনলাইন ট্রেডিঙৰ নামত বিত্তীয় অনিয়মত লিপ্ত হোৱা ছাকিৰ আৰু জাবিৰ নামৰ দুজন লোকক কলকাতাত গ্ৰেপ্তাৰ কৰি জিলাখনলৈ লৈ আহিছে। বিত্তীয় কেলেংকাৰীৰ মূল অভিযুক্ত এই দুজন লোকে অনলাইন ট্রেডিঙৰ নামত কেইবা কোটি টকা গ্ৰাহকৰ পৰা সৰকাই পলায়ন কৰিছিল। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত শ্ৰীভূমি আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰাৰ পাছত কলকাতাৰ পূব যাদৱপুৰ থানাৰ অন্তৰ্গত মুকুন্দপুৰত অভিযান চলাই তেওঁলোকক গ্ৰেপ্তাৰ কৰে।